ASSAM TIMES POST
নতুন দিল্লীঃ আপুনি গৃহ ঋণ (হ’ম লোন)ৰ চিন্তা কৰিছে নেকি? যদি কৰিছে তেতিয়া হ’লে ভালেই ভাবিছে। কিয়নো ভাৰতীয় ষ্টেট বেংক চমুকৈ এছবিআয়ে হ’ম লোনৰ সুতৰ হাৰ হ্ৰাস কৰিলে। ১০ আগষ্টৰপৰা এই নিম্ন সুতৰ হাৰ প্ৰযোজ্য হ’ব।
মন কৰিবলগীয়া কথাটো হ’ল এছবিআইৰ এই ঘোষণাৰ পাছতে দেশৰ বাকীবোৰ বেংকেও ইয়াৰ গ্ৰাহকক আকৰ্ষিত কৰিবলৈ নিম্ন সুতৰ হাৰ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। হয়তু দুই-এদিনতে বাকী বেংকসমূহেও এনে ঘোষণা কৰিব।
উল্লেখ্য ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই)এ বেঞ্চমাৰ্ক লেণ্ডিং ৰেট কৰ্তন কৰাতে এছবিআয়ে এনে ঘোষণা কৰে।













