ASSAM TIMES POST
অজন্তা তালুকদাৰ:
উজনি অসমৰ অন্যতম বৃহৎ সাপ্তাহিক হাট বোকাখাতৰ বিহৰা বজাৰ খুলিবলৈ লোৱাত যোৱা দেওবাৰে সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ। বাঁহৰ বেৰিকেট ভাঙি স্থানীয় ৰাইজে বজাৰ বহুৱাত বাধা প্ৰদান কৰিছিল।
বিশেষকৈ বিহৰা গৰু বজাৰত এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। বাধ্য হৈ প্ৰশাসনে বন্ধ কৰি দিব লগীয়া হৈছিল গৰু বজাৰখন। উল্লেখ্য যে নগাঁও, মৰিগাঁও, ধিং, ৰূপহী হাটৰ লগতে গোৱালপাৰাৰ পৰা বেপাৰী আহে বিহৰাৰ পৰা গৰু কিনিবলৈ। বৰ্তমান ক’ৰোনাক্ৰান্ত সময়ত গোলাঘাটৰ দৰে এখন স্পৰ্শকাতৰ জিলাৰ বোকাখাত মহকুমা নিৰাপদ নহয়।
গণ সংক্ৰমণৰ ভয়তে স্থানীয় ৰাইজে বন্ধ কৰিছিল বজাৰ। কিন্তু এতিয়া অচিনাকী বাহনত পাণ জপা দি গৰু কঢ়িয়াই নিশাৰ আন্ধাৰৰ সুৰুঙাৰে বোকাখাতৰ গাঁৱে গাঁৱে মাজনিশা গৰু বজাৰ বহিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিশাৰ ভাগত এনেকৈয়ে অহা বহু গাড়ী গাঁও ৰক্ষীৰ হাতত ধৰা পৰিছে বুলিও জানিব পৰা গৈছে।
যিখন বজাৰ কৰ’ণাতংকত বন্ধ কৰি দিয়া হৈছিল সেই একেখন বজাৰৰ বোকাখাতৰ গাঁৱে গাঁৱে মাজনিশা পুণৰাবৃত্তি হোৱাত শংকিত হৈছে স্থানীয় ৰাইজ।













