ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ পৰিবৰ্তনকামী চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত অনুসৰি যোৱা ৬ আগষ্টৰ দিনৰ ১১ বজাৰ ভিতৰত ৰাজ্যৰ একলাখ প্ৰধানমন্ত্ৰীৰ গ্ৰামীণ আবাস যোজনাৰ আধাৰশিলা সম্পন্ন হ’ল। ইয়াৰে বোকাখাত মহকুমাৰ অন্তৰ্গত ৰজাবাৰী গাঁও পঞ্চায়তে ১১ টা আবাসৰ আধাৰশিলা স্থাপন কৰে।
অতিৰিক্ত আয়ুক্ত ৰণনময় ভৰদ্বাজে প্ৰথমটো আবাসৰ আধাৰশিলা স্থাপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পঞ্চায়তৰ সভাপতি মামনি গাজলু, আঞ্চলিক সদস্য জুলি শইকীয়া, সচীব ৰঞ্জিত বৰাৰ উদ্যোগত বাকী আবাস সমূহৰ আধাৰশিলা স্থাপন কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী ভোগেশ্বৰ তামুলী, পোনাৰাম বৰা, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, জিলা পৰিষদৰ সদস্য হেমকুমাৰী দাস, প্ৰক্তন সভাপতি সীমান্ত শইকীয়াকে ধৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলে। অনুষ্ঠানত পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলৰ লগতে ভালেসংখ্যক স্থানীয় ৰাইজেও উপস্থিত থাকি সহযোগিতা কৰে।













