ASSAM TIMES POST
বোকাখাত : ধৰিত্ৰী সুৰক্ষাৰ স্বাৰ্থত ২০০৫ বৰ্ষত জন্ম গ্ৰহণ কৰা উজনি অসমৰ অন্যতম শক্তিশালী প্ৰকৃতি বিষয়ক বে-চৰকাৰী সংগঠন ‘গ্ৰাছ, বোকাখাতে’ ইতিমধ্যে বোকাখাতৰ লগতে প্ৰায় ৬০ হাজাৰ গছপুলি ৰোপন কৰিছে উজনি অসমৰ বহু স্থানত।

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষ্যে অসমীয়া জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই গ্ৰাছৰ উদ্যোগত বোকাখাত মহকুমাৰ ডিফলু পথত থকা কাক গোঁসানী থানৰ সমীপত এশজোপা কাজী নেমুৰ পুলি পৰীক্ষা মূলক ভাৱে ৰোপণ কৰা হয় ।
যদি এই আঁচনিত সফল হয় তেন্তে তেন্তে মহকুমাটোৰ প্ৰত্যেকজন নাগৰিকক নেমু খুওৱাৰ লক্ষ্য লৈ পৰৱৰ্তী পৰ্যায়ত নগৰখনত ২০ হাজাৰজোপা নেমু পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বে-চৰকাৰী সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিছে।
আজিৰ নেমু পুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ‘গ্ৰাছ’, বোকাখাতৰ সভাপতি, সম্পাদক ক্ৰমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰা, উপসভাপতি সঞ্জীৱ হাজৰিকাৰ লগতে ‘গ্ৰাছ’ৰ সদস্য সকল।













