ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ লখৌজান-ৰজাবাৰী বৃহত্তৰ গ্ৰাম্যাঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান লখৌজানস্থিত নুমলীগড় জুনিয়ৰ কলেজত আজি কলেজ পৰিচালনা সমিতিৰ লগতে শিক্ষক সকলৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। পৰিচালনা সমিতিৰ সম্পাদক অমৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা সভাত ক’ৰোনা সংক্ৰান্তীয় নীতি নিৰ্দেশনা আৰু শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি আৰম্ভণিতে দেশ মাতৃৰ বাবে প্ৰাণ উৎসৰ্গা কৰা ভাৰতীয় বীৰ শ্বহীদসকল, প্ৰয়াত পৰিচালনা সমিতিৰ প্ৰতিষ্ঠা কালৰ সভাপতি টংকেশ্বৰ হাজৰিকা, সদ্য প্ৰয়াত ৰজাবাৰী শিশু নিকেতনৰ প্ৰধান আচাৰ্য মনোৰঞ্জন বৰুৱা, অসমৰ শেহতীয়া গণ প্ৰহাৰত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।
কলেজ পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কলেজৰ আগন্তুক শিক্ষা বৰ্ষৰ নামভৰ্তিৰ অগ্ৰগতিৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। বৰ্তমান কৰ’ণাতংকৰ পৰিস্থিতিত সন্মুখীন হোৱা কলেজৰ নিয়মীয়া শ্ৰেণীৰ পাঠদানৰ পৰিবৰ্তে বৰ্তমান চলাই থকাৰ দৰে আগন্তুক শিক্ষাবৰ্ষত অন লাইন ক্লাছৰ সম্ভাব্য ব্যবহাৰিক দিশ সমূহৰ ওপৰত আলোচনা হয়। গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ন্যূনতম মাছুলৰ বিনিময়ত উৎকৃষ্ট শিক্ষা প্ৰদান কৰাৰ লক্ষ্য লৈ ২০০০ বৰ্ষতে প্ৰতিষ্ঠা হোৱা এই কলেজত আন বৰ্ষৰ দৰে এইবাৰো মেধা আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্র ছাত্ৰীসকলৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়।
কলেজৰ ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰী অজন্তা তালুকদাৰে প্ৰস্তুত কৰি উলিওৱা কলেজৰ ল’গ’ আনুষ্ঠানিকভাৱে আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয়। কলেজৰ আৰ্থিক, বিদ্যায়তনিক, সাংগঠনিক আদি দিশৰ সৰ্বাংগীন উত্তৰণৰ বাবে সকলো সময়তে সহায়-সহযোগিতাৰ আশ্বাস দি বৰ্তমানৰ সভাপতি যাদৱ হাজৰিকাৰ লগতে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰাতুল ৰাজখোৱা, উপদেষ্টা সুৰেণ দাস, বুবুল বৰা, ধনীৰাম কুৰ্মি, গোবিন্দ দাস, গানণিক অনুপ ফুকন, সদস্য পুতুল কলিতা, বিজয়ানন্দ হাজৰিকা, বিকাশ হাজৰিকা, কলেজৰ ভূমিদাতা কণপাই দাস, সমাজকৰ্মী সীমান্ত শইকীয়া, মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা স্বপ্না হাজৰিকাৰ লগতে বিষয় শিক্ষয়িত্ৰী ক্ৰমে নিভা শইকীয়া, অজন্তা তালুকদাৰ, মনালিছা শইকীয়া আদিয়ে বক্তব্য ৰাখে। আগন্তুক শিক্ষা বৰ্ষৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি সভা ভংগ হয়।













