ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ বেচৰকাৰী খণ্ডৰ অন্যতম আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য মনোৰঞ্জন বৰুৱাই আজি অকালতে মৃত্যুক সাৱটি লয়৷ মৃত্ৰযু সময়ত বৰুৱাৰ বয়স হৈছিল ৪৭ বছৰ৷ অতি জনপ্ৰিয় শিক্ষকজনৰ মৃত্যুত আজি শোকস্তব্ধ সমগ্ৰ বোকাখাত৷ জানিব পৰা অনুসৰি, উচ্চ ৰক্তচাপজনিত ৰোগৰ লগতে অন্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে বৰুৱাক ১৯ জুনৰ আবেলি যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল৷ কিন্তু নিশাৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰে আৰু পুৱাৰ ভাগলৈ চিকিৎসকে বৰুৱাক মৃত ঘোষণা কৰে৷
উল্লেখ্য যে, ২০১৬ চনৰ জানুৱাৰীত ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনত প্ৰধানাচাৰ্য ৰূপে যোগদান কৰাৰ পৰা সমগ্ৰ অঞ্চলটোতে এক সুস্থিৰ শৈক্ষিক পৰিবেশ ৰচনা কৰাত বৰুৱাৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ৷ নিকেতনখনৰ সামগ্ৰিক উন্নয়নতো দেহেকেহে লগাৰ বাবেই মহকুমাটোৰ ভিতৰতে এখন লেখত ল’বলগা শিক্ষানুষ্ঠানলৈ উন্নীত হৈছে বিদ্যালয়খন৷

তদুপৰি প্ৰতি দিনেই ন ন চিন্তাৰে ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবেও তেওঁ অহোপুৰুষাৰ্থ কৰি গৈছিল৷ কেৱল নিকেতনখনকে নিজৰ পৃথিৱী জ্ঞান কৰি নিজৰ সমস্ত উজাৰি দিয়া প্ৰধানাচাৰ্য গৰাকীৰ মৃত্যুৱে সেয়ে ৰজাবাৰী অঞ্চলৰ বৌদ্ধিক ভেঁটি কঁপাই তুলিছে৷ ইফালে এই বাতৰি বিয়পি পৰাৰ লগে লগে ৰজাবাৰীৰ লগতে সমগ্ৰ বোকাখাতৰ গুণগ্ৰাহী সহস্ৰাধিক লোক নিকেতনখনত সমবেত হয়৷ প্ৰায় ৯.৩০ বজাত মৃতদেহ নিকেতনৰ চৌহদত সোমোৱাৰ লগে-লগে সমবেত অভিভাৱক, ছাত্ৰ-ছাত্ৰী তথা গুণমুগ্ধৰ মাজত কান্দোনৰ ৰোল উঠে৷ তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি নিকেতনখনৰ পতাকা অধঃনমিত কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰয়াত প্ৰধানাচাৰ্যগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷
শিশু শিক্ষা সমিতি অসম, পৰিচালনা সমিতি, আচাৰ্য ভাৰতী, মাতৃ গোট, প্ৰাক্তন ছাত্ৰ ভাৰতী, কন্যা ভাৰতী, বোকাখাত মহকুমা সাংবাদিক সংস্থা, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়, পুৱতি সাহিত্য সভা, বোকাখাত থানা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পৰিত্ৰাণ, ৰজাবাৰী গাঁওৰক্ষী সংগঠন, কাজিৰঙা নিকেতন, বোকাখাত নিকেতন, ৰজাবাৰী ক্ৰীড়া সংস্থা, দেওথৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কুৰুৱাবাহী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ৰজাবাৰী গাঁও পঞ্চায়ত, প্ৰাথমিক শিক্ষক সন্মিলন, পৰঙ্গনীয়া হাইস্কুল, ভাৰতীয় জনতা পাৰ্টি, ৰজাবাৰী প্ৰাথমিক বিদ্যালয়, দেৰগাঁও নিকেতন, ৰজাবাৰী মণ্ডল কংগ্ৰেছ, ৰজাবাৰী ব্যৱসায়ী সন্থা, স্বস্তিকা নৃত্য অকাডেমী, গোৰ্খা সমাজ কল্যাণ সমিতি, জীপাল কৃষক সংগ্ৰাম সমিতি, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘকে ধৰি শতাধিক দল সংগঠনৰ ব্যক্তিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ৰজাবাৰী ব্যৱসায়ী সন্থাই দুঘণ্টাৰ বাবে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখে৷ ইয়াৰ পাছতে প্ৰয়াত গৰাকীৰ মৃতদেহ এক বৃহৎ শোক সমদলেৰে গোলাঘাট পদুমনীৰ নিজা ঘৰলৈ লৈ যোৱা হয়৷ ঘৰলৈ নিয়াৰ পথত বিভিন্ন স্থানত প্ৰয়াত গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে৷ মৃত্যুৰ সময়ত প্ৰধানাচাৰ্য গৰাকীয়ে মাতৃ, পত্নী আৰু একমাত্ৰ কন্যাক এৰি থৈ যায়৷













