ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ
মানৱ সৰবৰাহেৰে এক বৃহৎ নেটৱৰ্ক সৃষ্টি কৰা দলৰ অন্যতম নায়িকা অৱশেষত যোৱা ৬ আগষ্টত বোকাখাত আৰক্ষীৰ জালত পৰিল। ইতিপূৰ্বে বোকাখাতৰ বিভিন্ন স্থানৰ পৰা ভালেসংখ্যক কিশোৰী, মহিলা, যুৱকক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে নি বহিঃৰাজ্যত আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহকাৰীৰ হাতত তুলি দি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখা নায়িকাই যেতিয়া একে উদ্দেশ্যেৰে অসমলৈ আহি বোকাখাতৰ খতিয়াখলিৰ নিজা ঘৰত যোৱা ৫ আগষ্টৰ নিশা উপস্থিত হোৱাৰ খবৰ আৰক্ষীয়ে লাভ কৰা মাত্ৰকে নায়িকাৰ গৃহত গৈ উপস্থিত হয় যদিও পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
এনে পৰিস্থিতিত নায়িকাৰ ডাৰৰ বাতৰি ডাৰে দি থকা মাতৃক আৰক্ষীয়ে থানালৈ আনি সোধপোচ কৰাত নায়িকাই খুমটাইত আত্মগোপণ কৰি থকাৰ কথা মতৃ গৰাকীয়ে স্বীকাৰ কৰে। এই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী উপপৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে পলাতক নায়িকাক আত্মগোপণ কৰি থকা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা মে’ মাহত নিজৰ বৰদেউতাকৰ এগৰাকী ছোৱালী, অবিবাহিত তথা মানসিকভাৱে কিছু অস্থিৰ নিজা খুৰাক সহ এটা পাঁচজনীয়া দল লৈ নায়িকা দিল্লীলৈ ৰাওনা হৈছিল।
বৰদেউতাকৰ কিশোৰী কন্যাক বোৰ্খা পিন্ধাই ফৰকাটিং ষ্টেশ্যনৰ পৰা লৈ যোৱা হৈছিল। কিন্তু নায়িকাই একাধিকবাৰ একাধিক ঠাইত বিক্ৰী কৰা এই কিশোৰী গৰাকী এজন বিহাৰী যুৱকৰ সহযোগত যোৱা ১৬ জুনত ঘৰ পাইছিলহি। আনকি সেই দলটোত যোৱা কেইবাজনো যুৱক বিভিন্ন প্ৰকাৰে পলাই আহি ঘৰ পালেহি। ইয়াৰ পাছত দ্বিতীয়টো দল নিবলৈ আহি নাটকীয়ভাৱে নায়িকা আৰক্ষীৰ জালত পৰে। নায়িকাৰ ভাষ্য অনুসৰি ইয়াৰ পৰা দিল্লী পোৱাই দিয়াৰ প্ৰতিজনৰ বাবদ দুহেজাৰকৈ টকা পায়।
এই পথত ভৰি দিয়া বেছি দিন হোৱা নাই বুলি উল্লেখ কৰি নায়িকাই নিজেও তেনেদৰেই দিল্লীলৈ গৈ প্ৰতিষ্ঠা লাভ কৰা বুলি আৰু তাত বৈবাহিক সম্পৰ্ক স্থাপন কৰাও বুলি কয়। অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে সাংবাদিকক অধিক তথ্য জনোৱাৰ পৰা বিৰত আছে।
উল্লেখ্য যে নায়িকাৰ ককাদেউতাক বোকাখাত খতিয়াখলিৰ বৃহৎ ভূসম্পত্তিৰ স্বত্বাধিকাৰী আৰু উত্তৰাধিকাৰী সূত্ৰে সেই ভূসম্পত্তিৰ স্বত্বাধিকাৰী বৰদেউতাকৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু জীৱিত আছে নায়িকাৰ পিতৃ আৰু খুৰাক দুৰ্লভ গগৈ, যি এগৰাকী মানসিকভাবে অস্থিৰ যুৱক। কিন্তু নায়িকাই লৈ যোৱা দলটোৰ এগৰাকী যুৱক দুৰ্লভ গগৈৰ এতিয়ালৈকো কোনো শুংসূত্ৰ পোৱা হোৱা নাই।
মানৱ সৰবৰাহৰ লগতে এই সমগ্ৰ ঘটনাত, বিশেষকৈ দুৰ্লভ গগৈক সৰবৰাহ কৰাৰ অভিসন্ধিৰ আঁৰত নায়িকাৰ ককাদেউতাক প্ৰয়াত কালিৰাম গগৈৰ বৃহৎ ভূসম্পত্তি হস্তগত কৰাৰ গভীৰ ষড়যন্ত্ৰ লুকাই থাকিব পাৰে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।













