ASSAM TIMES POST
নিউজ ডেস্ক:
দেওবাৰে আছিল বার্ষিক সূর্যগ্রহণ৷ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত আকাশ মেঘাচ্ছন্ন হোৱাত চাব পৰা নহ’ল সূৰ্যগ্ৰহণ৷ উল্লেখ্য যে ২১ জুন বছৰৰ দীর্ঘতম দিন, যিটোক ভূগোলৰ ভাষাত কোৱা হয় ছামাৰ ছলষ্টিছ৷ এই দিনটোতে হৈ গ’ল দীৰ্ঘ সময়ৰ সূর্যগ্রহণ৷ বলয়গ্ৰাসে ঢাকি পেলালে সূৰ্যৰ ৯৯.৪ শতাংশই৷
ভাৰতত পুৱা ৯.১৫ বজাত গ্ৰহণ আৰম্ভ হয়৷ গ্ৰহণ সম্পূৰ্ণকৈ শেষ হয় ৩.৪ বজাত৷ উল্লেখ্য যে দুপৰীয়া ১২.১০ বজাত সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি পেলায়৷ দেওবাৰৰ সূৰ্য গ্ৰহণত ‘ৰিং অব ফায়াৰ’ দৃশ্যমান হয়৷ কিন্তু ভাৰতৰ অধিকাংশ ঠাইতে আকাশ মেঘাচ্ছন্ন হৈ থকাত পৰিষ্কাৰকৈ ক’তো গ্ৰহণ দেখা নগ’ল৷
একমাত্ৰ উত্তৰাখণ্ডৰ ডেৰাদুনত আকাশ পৰিষ্কাৰ থকাত ‘ৰিং অব ফায়াৰ’ ভালদৰে দেখিবলৈ পোৱা যায়৷ সূৰ্যক চন্দ্ৰৰ ছায়াই সম্পূৰ্ণ ঢাকি পেলোৱাৰ পাছত সূৰ্যৰ কৰোনাৰ পৰা বিচ্ছুৰিত পোহৰ কেৱল দেখা যায়৷ ইয়াকে জ্যোতির্বিজ্ঞানত ‘ৰিং অব ফায়াৰ’ বুলি পৰিচিত৷ ইয়াৰ পাছত সূৰ্য গ্ৰহণ হ’ব ২০২২ চনৰ ২৫ অক্টোবৰত৷
আনহাতে পূর্ণগ্রাস হ’ব ২০৩৪ চনত৷ এইবাৰ ভাৰতৰ লগতে ইথিউপিয়া, দক্ষিণ ছুদান, ওমান, ছৌদি আৰব, নেপাল, পাকিস্তান, তিব্বত, তাইৱান আৰু অষ্ট্ৰেলিয়াত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ ভাৰতৰ গুজৰাট, কলকাতা, দিল্লী, পাটনা, ডেৰাদুন, শিলচৰ, মুম্বাই, চেন্নাই আৰু প’ৰ্ট ব্লেয়াৰত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷













