ASSAM TIMES POST
ডিফু : যোৱা ৮ জানুৱাৰীত অনুষ্ষ্ঠিত কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাৰ ,৬ খনকৈ পৌৰ সভাৰ বাবে নিৰ্বাচিত কৰিবলগীয়া মনোনীত ৱাৰ্ড কমিছনাৰ সকলৰ নামৰ তালিকা ঘোষণা কৰা হৈছে ৷
তালিকা সমূহ ক্ৰমে, ডিফু পৌৰ সভাৰ পৰা ৰেংকা টেৰণপী আৰু অমিত কেমপ্ৰাই, বোকাজান পৌৰ সভাৰ পৰা পাৰ্থ ভৌমিক আৰু ৰাকেশ বৰুৱা ৷ লাংহিন পৌৰ সভাৰ পৰা দিলীপ শীল আৰু লীণা টেৰণপী ৷
ডকমকা পৌৰ সভাৰ পৰা অনন্ত ইংহী আৰু প্ৰহ্লাত টেৰণ ৷ ডংকামোকাম পৌৰ সভাৰ পৰা ডাৰউইনচন বে’ আৰু চন্দ্ৰচিং তিমুঙ ৷ হামৰেণ পৌৰসভাৰ পৰা হমতাৰা তেৰাঙপী আৰু মণিৰাম টেৰণ ৷
আনহাতে নৱ নিযুক্ত মনোনীত ৱাৰ্ডকমিছনাৰ সকলক ২৪ জুনত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত পুৱা ১১ বজাত শপত গ্ৰহণ কৰোৱা হব বুলি জানিব পৰা গৈছে ৷













