ASSAM TIMES POST
নিউজ ডেস্ক:
মংগলবাৰে দুলিয়াজানত সংঘটিত এক অঘটন। খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ অৰ্ধশতাধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। উল্লেখযোগ্য যে, সোমবাৰে দুলীয়াজানৰ বজালনী তামুলীখাত অঞ্চলৰ জিণ্টু মেছ নামৰ ব্যক্তিগৰাকীয়ে পিতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছিল। আদ্যশ্ৰাদ্ধৰ প্ৰসাদ খাই মঙলবাৰে বৃহত্তৰ অঞ্চলটোৰ শিশুসহ অৰ্ধশতাধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। আক্ৰান্ত লোকসকলে অত্যাধিক মূৰৰ বিষ, বমি, শৌচ আদি ৰোগত ভোগাত তৎকালীনভাৱে চিকিৎসাৰ বাবে দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয়।
ইফালে, আক্ৰান্ত একাংশ ৰোগীক চিকিৎসাৰ বাবে মাকুম আৰু তিনিচুকীয়ালৈও নিয়া হয়।













