ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিমান বৰঠাকুৰৰ আজি পুৱা শাৰীৰিক অসুস্থতাত ভুগি থকা অৱস্থাত মৃত্যু ঘটে। জানিব পৰা মতে, আজি পুৱতি নিশাতে শাৰিৰীক অসুস্থতাৰ বাবে তেখেতক চিকিৎসাৰ বাবে নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ হাস্পটালত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাধীন অৱস্থাতে ৪.৩০ মান বজাতে তেখেতৰ মৃত্যু হয়। ৭০ৰ দশকৰ পৰাই অসমৰ কাব্য জগতলৈ বিশিষ্ট অৱদান আগবঢ়াইছিল বৰঠাকুৰে। বৰঠাকুৰ একেৰাহে এগৰাকী সুকবি, চিত্ৰকৰ আৰু সুগায়ক আছিল। বোকাখাত যুৱ সাহিত্য সমাজৰ প্ৰতিষ্ঠাপক সভাপতি বৰঠাকুৰ বোকাখাতৰ আয়ুস্কৰ চিত্ৰকলা বিদ্যালয় আৰু বোকাখাত পুৱতি সাহিত্য সভাৰ সৈতে বিশেষভাৱে জড়িত আছিল আৰু মহকুমা কবি সন্মিলনৰো এগৰাকী জ্যেষ্ঠ সদস্য আছিল।

২০১৮ বৰ্ষত বোকাখাত মহকুমা কবি সন্মিলনৰদ্বাৰা সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘ব’হাগী বৰণ’ সম্বৰ্দ্ধনাৰে সম্বৰ্দ্ধিত হৈছিল প্ৰয়াত গৰাকী। । ‘বৃত্ত ভাঙি দোলে য’ত সোণালী সময় (১৯৮০), ‘নীলকণ্ঠ সময়’, ‘ইচ্ছামৃত্যু’ ইত্যাদি (২০০০), তিনিটা চিৰিজৰ চৰাই বিষয়ক গ্ৰন্থ ‘অ’ উৰণীয়া পখী’ (২০০৩), ‘বনচাই দেহা আৰু অন্যান্য কবিতা’ আদি তেখেতৰ উল্লেখযোগ্য ৰচনাৱলী। সেই সময়ৰ অসমৰ অন্যতম আগশাৰীৰ সাহিত্যালোচনী “পান্থপাদক”ৰে পৰা আৰম্ভ কৰি অসমৰ আগশাৰীৰ কাকত, আলোচনী, পত্ৰিকা আদিত তেখেতৰ ৰচনা সম্ভাৰ প্ৰকাশ হৈছিল।
১৯৭৯ চনত অবিভক্ত শিৱসাগৰ জিলা সাহিত্য সভাৰ কবি সন্মিলন বোকাখাতত অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকাশিত ‘মোৰ আই’ নামৰ এখনি কাব্য পত্ৰিকাৰ বৰঠাকুৰ যুটীয়া সম্পাদক আছিল। বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ একে বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে ২০১৪ বৰ্ষত অৱসৰ গ্ৰহণ কৰা তেখেতৰ পত্নী দীপা বৰঠাকুৰৰ বিগত বৰ্ষত মৃত্যু ঘটে। ২০১২ বৰ্ষত অৱসৰ গ্ৰহণ কৰা অমায়িক, প্ৰচাৰ বিমুখ আৰু বিদ্বান ব্যক্তিগৰাকীৰ মৃত্যুত বোকাখাতৰ ৰাইজৰ মাজত গভীৰ দুখৰ ছাঁ পৰিছে।

বিগত কিছুদিন শাৰীৰিক অসুস্থতাত ভুগি থকা বৰঠাকুৰৰ মৃত্যু সংস্কৃতি আৰু সাহিত্যৰ জগতৰ লগতে সমাজৰ অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰিছে বোকাখাতৰ বিদ্বৎ সমাজে। মৃত্যুৰ সময়ত বৰঠাকুৰে দুই পুত্ৰ কন্যা ক্ৰমে প্ৰিয়মজ্যোতি বৰঠাকুৰ আৰু সুপ্সিতা বৰঠাকুৰকে ধৰি পৰিয়াল-পৰিজন আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে। বৰঠাকুৰৰ মৃত্যুত বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত সাংস্কৃতিক মঞ্চ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়, বোকাখাত মহকুমা সাংবাদিক সন্থা, নুমলীগড় জুনিয়ৰ কলেজ, অভিলাষ প্ৰকাশন, সাৰথি নাট্যগোষ্ঠী, ৰূপজ্যোতি সংঘ, নাট্যম বোকাখাত, গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট সদৰ কবি সন্মিলন, সৌৰভ পুথিভঁৰাল, গ্ৰাছ বোকাখাত, বোকাখাত মহকুমা নিবনুৱা পৰিষদ, লুইতপৰীয়া শাখা কবি সন্মিলন আদি দল-সংগঠনৰ লগতে বহু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।













