ASSAM TIMES POST
নিউজ ডেস্কঃ
বৰপেটাস্থিত চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পাঁচজন চিকিৎসক, তিনি গৰাকী নাৰ্ছ আৰু এগৰাকী চাফাই কৰ্মীক কালি প্ৰতিষ্ঠানিক কোৱাৰেন্টীনলৈ পঠোৱা হয় ৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখন চিকিৎসাধীন এজন ৰোগী কোৰোনাত আক্ৰান্ত হোৱাৰ পিচতে ৰোগীগৰাকীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা এই সকলক এছ অ’ পি অনুসৰি প্ৰতিষ্ঠানিক কোৱাৰেন্টীনলৈ পঠায় চিকিৎসালয় কৰ্তৃপক্ষই
হাস্পতালখনৰ অস্থি ৰোগ বিভাগত চিকিৎসাধীন এজন ৰোগীৰ দেহত কালি কোৰোনাৰ অৱস্থিতি ধৰা পৰে কোৰোনাত আক্ৰান্ত ৰোগীজন ধুবুৰী কাৰাগাৰৰ কয়েদী আব্দুল হামিদ খান ৷ যোৱা ১০ জুনত কাৰাগাৰৰ পৰা অস্থি ৰোগৰ চিকিৎসা কৰিবলৈ আহিছিল আব্দুল হামিদ খান পৰহি পুণৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃবিভাগত ভৰ্তি কৰোৱা হৈছিল আব্দুল হামিদ খানক ৷
আজি ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ কথা আছিল কাৰাগাৰত বন্দী ৰোগীগৰাকীৰ ৷ অস্ত্ৰোপচাৰৰ পূৰ্বে পৰোহি সংগ্ৰহ কৰা হৈছিল আব্দুল হামিদ খানৰ স্বাৱ পৰীক্ষাৰ নমুনা ৷ স্বাৱ পৰীক্ষাৰ অন্তত কালি কভিড ১৯ পজিটিভ বুলি চিনাক্ত হয় আব্দুল হামিদ খান ৷ লগে লগে আব্দুলক হাস্পতালখনৰ কভিড ৱাৰ্ডলৈ স্থানান্তৰ কৰা হয় ৷ আব্দুল হামিদ খান নামৰ অস্থি ৰোগৰ ৰোগীজন কভিড ১৯ পজিটিভ বুলি ঘোষিত হোৱাৰ পিছতেই হুৱা দুৱা লাগে হাস্পতালখনত৷
তৎমুহূৰ্ততে কভিড ১৯ পজিটিভ ৰোগীজনৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ হাস্পতালখনৰ অহা পাঁচজন চিকিৎসক ক্ৰমে ডা: ফ্ৰেঞ্চিচ বৰগোহাই, ডাঃ গৌতম শ্বাহ, কনিষ্ঠ চিকিৎসক ডাঃ মফিদুল ইছলাম, ডাঃ দেৱৰাজ বনিয়া, ডাঃ শৰ্মিষ্ঠা ৰয়, তিনি গৰাকী নাৰ্ছ ক্ৰমে চম্পাৱতী সৰকাৰ, অশ্ৰুকণা দেৱী, হীৰামণি হাজৰিকা আৰু চাফাই কৰ্মী মনোৱাৰা বেগমক স্থানীয় হোটেলত কোৱাৰেণ্টীন কৰা হয়৷













