ASSAM TIMES POST
বোকাখাত: বছৰটোৰ প্ৰথমটো বানে বোকাখাতৰ বিস্তীৰ্ণ কৃষিভূমি অঞ্চল জলমগ্ন কৰাৰ লগতে বসতিপ্ৰধান অঞ্চললৈকো ভাবুকিৰ সৃষ্টি কৰিছে। প্লাৱিত বানৰ ভাবুকি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈকো। মঙলবাৰলৈকে ধনশিৰি নৈৰ পানী বিপদসীমাৰ ওপৰত আছিল। স্থবিৰ আছিল বৰলুইতৰ জলপৃষ্ঠ। কিন্তু কেন্দ্ৰীয় জল আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা কিছু তাৰতম্য ঘটিছে।
উজনিৰ অৰুণাচলত ২২ জুনত অহা ঢলে ইংকিয়ং, বলেং আৰু পাচিঘাটত ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠ বৃদ্ধি কৰাৰ পাচত আজি পুৱাৰে পৰাই এই তিনি স্থানত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে ৷ আজি দিনৰ ভাগত পাচিঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.৪৬ মিটাৰ হ্ৰাস পাইছে ৷ যাৰ বাবে অহা ৪৮ ঘন্টাত নামনিত জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে।
ইফালে পুৱাৰে পৰাই ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ধীৰ গতিত বৃদ্ধি পাইছিল যদিও বিয়লিলৈ জলপৃষ্ঠ নিম্নগামী হৈছে আৰু ডিব্ৰুগড়ত জলপৃষ্ঠ ০.০৩ মিটাৰ বৃদ্ধি পোৱাৰ পাচত বিয়লিৰ পৰা পানী কমিবলৈ আৰম্ভ কৰিছে ৷ পূৰ্বানুমান মতে নিশা ১০ বজালৈ ডিব্ৰুগড়ত জলপৃষ্ঠ ০.০২ মিটাৰ কমাৰ সম্ভাৱনা আছিল ৷
কিন্তু ডিব্ৰুগড় জলপৃষ্ঠ নিম্নগামী হলেও নিমাতীঘাটত পানী বাঢ়ি আছে ৷ পুৱাৰে পৰাই নিমাতীঘাটত জলপৃষ্ঠ ০.৩১ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ নিমাতীঘাটৰ জলপৃষ্ঠ নিশালৈ আৰু ০.২৮ মিটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
যাৰ বাবে বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাব ৷ আজি দিনৰ ভাগত ধনশিৰিমুখত জলপৃষ্ঠ ০.০৭ মিটাৰ বৃদ্ধি পাইছে ৷ নিশালৈ জলপৃষ্ঠ আৰু ০.১০ মিটাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ০.৬০ মিটাৰ ওপৰেদি বৈ আছে ৷
ইফালে গোলাঘাট আৰু নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ নিম্নগামী হৈছে আৰু এই গতিৰে অহা ১২ ঘন্টাত অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছিল যদিও গোলাঘাটকে ধৰি মধ্য আৰু উজনি অসমৰ কেইবাখনো জিলাত আজি দিনটোত হোৱা নেৰানেপেৰা বৰষুণজাকলৈ চাই ধনশিৰি নদীৰ জলপৃষ্ঠ পুণৰ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে।













