ASSAM TIMES POST
নগাঁও: নগাঁও জিলাত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক কোভিড-১৯ ত আক্ৰান্ত হোৱাত নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰে। সমান্তৰালকৈ জিলাখনৰ জনসাধাৰণ এই ভাইৰাছ বিধৰ গন সংক্ৰমণৰ আশাংকাত শংকিত হৈ পৰে ।
আজিও নগাঁও চহৰৰ ২৪ নম্বৰ ৱাৰ্ডৰ কেঁচাআলি লাচিত নগৰৰ এটা উপপথৰ বাসিন্দা সুৰজিৎ দত্ত (২৮)নামৰ এজন যুৱক কৰ’নাত আক্ৰান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰে।এই যুৱক জনৰো কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা বুলি জানিব পৰা গৈছে ।যুৱক জন কোভিড-১৯ ত আক্ৰান্ত হোৱাটো আজি স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পাছত নগাঁও চহৰত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
কোভিড-১৯ ত আক্ৰান্ত যুৱকজন নগাঁও জিলা বিজেপিৰ জ্যেষ্ঠ নেতা সুভাষ দত্তৰ পুত্ৰ।জানিব পৰা মতে,যোৱা ১৬ জুনত নিজা বাহনৰে বিজেপি নেতা সুভাষ দত্তই তেওঁৰ পুত্ৰ সুৰজিৎ দত্তৰ সৈতে গুৱাহাটীলৈ গৈছিল। গুৱাহাটীৰ হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ উপৰি দুয়ো ফাঁচী বজাৰস্থ এল আই চিৰ কাৰ্যালয়লৈ গৈ তাত দুজনমান কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰে।আনহাতে সেইদিনাই তেওঁ লোক নগাঁৱলৈ উভতি আহে।
কিন্তু পাছত সুৰজিৎ দত্ত জ্বৰত আক্ৰান্ত হোৱাত যোৱা ১৯জুনত স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ যায়।সেই দিনাই তেওঁৰ ‘স্বোৱাব’ ৰ নমুনা সংগ্ৰহ কৰি কোভিড-১৯ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।কালি নিশা তেওঁৰ ‘স্বোৱাব’ৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়।সেই অনুসৰি তেওঁ কোভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়।
স্বাস্থ্য বিভাগৰ কৰ্মীয়ে ইতিমধ্যে কৰ’না আক্ৰান্ত যুৱকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড-১৯ হাস্পতালত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে। ইপিনে কোভিডত আক্ৰান্ত যুৱকজনৰ জৰিয়তে আন কিছু সংখ্যক লোকলৈ কৰ’না ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
স্বাস্থ্য বিভাগে সুৰজিৎ দত্তৰ বাসগৃহৰ মুঠ পাঁচ জন লোকৰ ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি তেওঁ লোকক হোম কোৱাৰেন্টীনৰ পৰামৰ্শ দিয়ে। আনহাতে তেওঁলোকে বাস কৰা এলেকাটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয়।













