ASSAM TIMES POST
নগাঁও: অসমৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা, ব্যয়বহুল দেৱনীয়াৰ আলোচনীৰ ৫টাকৈ সংখ্যাৰ বেটুপাতত স্থান পোৱা ইশিকা বৰা আক্ৰান্ত হৈছে ক’ৰোনাত । নগাঁও জিলাৰ কামপুৰৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা ইশিকাই বিগত এটা দশক জুৰি গ্লেমাৰ জগতত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় ।
কেইবাটাও আন্তৰ্জাতিক কোম্পানীৰ আবেদনময়ী বিজ্ঞাপনৰ জৰিয়তে মডেলিং জগতত আত্মপ্ৰকাশ কৰা ইশিকা বৰাই এছিয়াৰ শ্ৰেষ্ঠ আবেদনময়ী মডেলৰ তালিকাৰ শীৰ্ষ স্থানো লাভ কৰিছিল। যোৱা ১৯ জুনত মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱা ইশিকাৰ স্বোৱাব টেষ্টৰ পিছতে নগাঁৱৰ কামপুৰৰ ঘৰত হোম কোৱাৰেন্টীনত আছিল।
আনহাতে কালি নিশা মডেল গৰাকীৰ দেহত কোভিড -১৯ পজিটিভ হোৱাৰ পিছতে আজি পুৱা ইশিকাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিতালত ভৰ্তি কৰা হয়। ইপিনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিতালত ৰোগীৰ বাবে যথাযথ সা- সুবিধা নথকাৰ অভিযোগ তুলিছে মডেল গৰাকীয়ে।













