ASSAM TIMES POST
নগাওঁ: কবি নৱকান্ত বৰুৱাৰ ‘ক্ৰমশঃ’ আৰু হীৰেন ভট্টাচাৰ্যৰ ‘আৰু এটি বসন্ত’ নামৰ কবিতা দুটা আবৃত্তিৰ আধাৰত বাণীবদ্ধ কৰিছে নগাঁৱৰ আবৃত্তিকাৰ লক্ষী প্ৰভা শইকীয়াই। আবৃত্তিকাৰ গৰাকীৰ কন্ঠত বাণীবদ্ধ কৰি কেছেটৰ ৰূপ দিয়া ‘দৃশ্য-শ্ৰৱ্য সঁফুৰা’ উন্মোচন কৰে বিশিষ্ট চিত্ৰ পৰিচালক অৰূপ মান্নাই।
ভিচিডি খন উন্মোচন কৰি দিয়া ভাষণত অৰূপ মান্নাই আবৃত্তিকাৰ গৰাকীৰ এনে প্ৰয়াসৰ শলাগ লয়। নগাঁও চহৰৰ পূৱ আমোলাপট্টি স্হিত ৰত্নকান্ত বৰকাকতী হাইস্কুলত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই কয় : ” আবৃত্তিৰ জৰিয়তে কবিতাই মানুহৰ হৃদয়ত স্থান লাভ কৰিব পাৰে।
” সাংস্কৃতিক কৰ্মী পবিত্ৰ প্ৰাণ শৰ্মাই আঁত ধৰা অনুষ্ঠানত সাহিত্যিক মোহিনী মোহন ডেকা, শিল্পী কৃষ্ণ মণি নাথ, ডাঃ ভুৱন চন্দ্ৰ শৰ্মা, জয়ন্ত কুমাৰ বৰা, সুজিত দাস, নৱমিকা বৰঠাকুৰ, সাংবাদিক কনক হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। কেছেটটোৰ পৰিচালনা আৰু সম্পাদনা দিব্যজ্যোতি শইকীয়াৰ।
প্ৰযোজনা পবিত্ৰ কলিতাৰ আৰু সংগীত প্ৰাঞ্জল বৰাৰ। কেছেটৰ বিভিন্ন দৃশ্যত অভিনয় কৰিছে মনোজ বৰদলৈ, সঞ্জয় তিৱাৰী, ৰুবুল শইকীয়া, গগন চৌধুৰী, মৌচম বৰা, শোণিত কুমাৰ বৰা, ইন্দ্রজিৎ পাঠক, অংকিতা ৰিয়া কাশ্যপ,ছেবা সুলক্ষনা, সুস্মিতা শইকীয়া, জ্যোতিস্না গোহাঁই, লাবুমণি আমচং, চাজিদ খান, আয়ুষ্মান ৰয়, মনজিৎ বৰা, শিশু শিল্পী কৃষ্টি কানন কলিতা, আৰু প্ৰাৰ্থনা বৰাই। উল্লেখ্য, কেছেটটো ইউটিউবত উপলব্ধ হব।













