ASSAM TIMES POST
জিতেন বৰকটকী,নগাঁও:
অসমৰ সংস্কৃতিৰ পথাৰত এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ সম্প্ৰতি বিলুপ্তিৰ পথত। যোৱা শতিকাৰ আশী আৰু নব্বৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ। লোক কৃষ্টিৰ অন্যতম অংগ স্বৰূপ পুতলাৰ অভিনয়ক সাৰথি কৰি একাংশ সংস্কৃতিবান লোকে নগাঁও জিলাৰ পশ্চিম অঞ্চলত জন্ম দিছিল এই পুতলা থিয়েটাৰ।

আনহাতে পৰম্পৰাগত পুতলা থিয়েটাৰক সংস্কৃতিৰ পথাৰত জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে নগাঁৱৰ কাকমাৰী অঞ্চলৰ ৰাজু বৰাই। কাকমাৰী গাঁৱত ৰাজু বৰাৰ প্ৰচেষ্টাত অংকুৰণ ঘটিছিল ‘ৰূপালীম পুতলা থিয়েটাৰ’। পৌৰাণিক আখ্যান, আধ্যাত্মিক দৰ্শন, ইতিহাস সমৃদ্ধ ঘটনা প্ৰৱাহ, আধুনিক প্ৰেমৰ মনোৰম কাহিনীকে ধৰি পুতলাৰ জৰিয়তে পৰিবেশন কৰা মঞ্চ অভিনয়ক দৰ্শকে বিনোদনৰ এক উৎস হিচাপে এই ভ্ৰাম্যমান পুতলা থিয়েটাৰক আঁকোৱালি লয়।
পৰিবৰ্তিত সময়ত কাকমাৰীৰ ৰাজু বৰাই এই পুৰনি কলা বিধক ধৰি ৰখাৰ প্ৰয়াস কৰি আহিছে যদিও বৰ্তমান প্ৰযুক্তি বিদ্যাৰ দ্ৰুতগতিৰ লগত খাপ খাই চলিবলৈ অসমৰ্থ হৈ পৰে।ফলস্বৰূপে গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হবলগা হৈছে পুতলা থিয়েটাৰ উদ্যোগ । অনাদৃত হৈ পৰিছে পুতলা সমূহৰ লগতে থিয়েটাৰত ৱ্যৱহৃত সা – সৰঞ্জাম। ইপিনে এই পুতলা থিয়েটাৰত কৰ্মৰত কলা কুশলীসকলৰ জীৱন নিৰ্বাহৰ পদ্ধতি এক অনিশ্চয়তাৰ ফালে গতি কৰিছে।
এই লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে চৰকাৰী পক্ষই যদি ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই বিধ লোককৃষ্টি লুপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। চলিত বর্ষত বিশেষকৈ কৰ’না মহামাৰীৰ বাবে হোৱা লকডাউনে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিলে এই পুতলা সংস্কৃতিক। ইপিনে ভ্ৰাম্যমান পুতলা থিয়েটাৰ উদ্যোগ গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগে লগে নাট্যকাৰ, পৰিচালক তথা ৰূপালীম পুতলা থিয়েটাৰৰ ব্যৱস্হাপক ৰাজু বৰাই জীৱন নিৰ্বাহৰ আন বিকল্প পথৰ সন্ধানত নামি পৰে।
নিজ ঘৰতে তেওঁ বিজ্ঞান সন্মতভাৱে টাৰ্কি, ব্লেক চিকেন, ইণ্ডিয়ান ৰাণাৰ, হোৱাইট টেকিঙকে ধৰি প্ৰায় ১৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই পোহপালেৰে ব্যৱসায় আৰম্ভ কৰাৰ লগতে বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে। আনহাতে বৰাৰ এই ফাৰ্মৰ কামত দুই তিনিটা পৰিয়াল নিয়োজিত হৈ কৰ্ম সংস্হাপনৰ পথ মুকলি কৰিছে । ৰাজু বৰাৰ এই স্বাৱলম্বীতাক শলাগ লৈছে অঞ্চলৰ ৰাইজে।
ইপিনে পক্ষী পালন আৰু মৎস্য পালনেৰে জীৱিকাৰ পথ মুকলি কৰিলেও ৰূপালীম পুতলা থিয়েটাৰক পুনৰ উজ্জীৱিত কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ সাংস্কৃতিবান যুৱক ৰাজু বৰা। এই ক্ষেত্ৰখনত তেওঁ চৰকাৰৰ পোষকতা কামনা কৰিছে।













