ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্য ভিতৰত কলা আৰু বাণিজ্যৰ শাখাত উজ্বলিল ৰামানুজন জুনিয়ৰ কলেজ,নগাঁও।কলা শাখাত ৮গৰাকী আৰু বিজ্ঞান শাখা ১২গৰাকী মেধাৱীয়ে স্থান লাভ কৰে শিক্ষানুষ্ঠান খনৰ পৰা।
ইয়াৰ উপৰিও কলা শাখাত জিলাখনৰ কনচেপ্ট জুনিয়ৰ কলেজ, মাধৱদেৱে জুনিয়ৰ কলেজ আৰু কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজৰ এজনকৈ মেধাৱীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।একেদৰে বিজ্ঞান শাখাত কনচেপ্ট জুনিয়ৰ কলেজ আৰু বাণিজ্যক শাখাত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজনকৈ মেধাৱীয়ে লাভ কৰিছে স্থান।
আনহাতে জিলা খনত কলা শাখাত অৱৰ্তীন হৈছিল মুঠ ৭৪২১ জন ছাত্ৰ-ছাত্ৰী।উত্তীৰ্ন হয় ৬৩৭৭জন। প্ৰথম ১৬৪৯, দ্বিতীয় ২৩২৩ আৰু তৃতীয় বিভাগত ২৪০৫জন।উত্তীৰ্ন হাৰ ৮৫.৯৩ শতাংশ।
বিজ্ঞান শাখাত জিলা খনত অৱৰ্তীন হৈছিল ২৫০৪জন।উত্তীণ হয় ২৩০৯জন।প্ৰথম ১৫৪৩ জন, দ্বিতীয় ৬৭৯ জন আৰু তৃতীয় ৮৭০জন।উত্তীৰ্ন হাৰ ৯২.২১ শতাংশ।
বাণিজ্যক শাখাত অৱৰ্তীন হৈছিল ১০৭৭ জন।উত্তীৰ্ন হয় ১০১৯ জন। প্ৰথম ৩৩৩জন, দ্বিতীয় ৪০৯জন আৰু তৃতীয় বিভাগত ২৭৭ জন।মুঠ উত্তীৰ্ন হাৰ ৯৪.৬১শতাংশ।













