ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী শিক্ষাবিদ, বিশিষ্ট সাহিত্যিক, সমাজ সেৱিকা পদ্মশ্ৰী ড° শীলা বৰঠাকুৰ মৃত্যুত বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে।বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ডৰ সভাপতিত্বত বৌদ্ধিক উত্তৰণৰ বাটকটীয়া ড° শীলা বৰঠাকুৰৰ প্ৰতি সন্মান জনাই যোৱা ২২ জুন তাৰিখে বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এখনি শোকসভা অনুষ্ঠিত হয়।

সন্ধানীৰ সভানেত্ৰী পুতলী খাউণ্ডে সমিতিৰ পতাকা অৰ্দ্ধনমিত কৰে। সভাৰ আঁত ধৰে সন্ধানীৰ যুটীয়া সম্পাদিকা শান্তি দত্ত বৰদলৈয়ে। প্ৰয়াত ড° বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি এফাঁকি ঘোষাৰে শোকসভা অনুষ্ঠিত কৰা হয়। সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, বৰ্তমানৰ উপদেষ্টা অন্নদা শইকীয়াই ড° শীলা বৰঠাকুৰক স্মৰণ কৰি কয় যে ড° বৰঠাকুৰৰ মৃত্যুত অসমৰ বৌদ্ধিক জগতৰ অপূৰণীয় ক্ষতি হ’ল।
তেখেত এগৰাকী শিক্ষাবিদ-সাহিত্যিকেই নহয়, এগৰাকী যশস্বী কণ্ঠ শিল্পীও আছিল যি গৰাকীয়ে মুখত এমোকোৰা হাঁহিৰে মৃত্যু পৰ্যন্ত গীত গাই গাই লেখিকাৰ সভা-সমিতিত সকলোকে আনন্দ বিলাইছিল। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি শইকীয়াই নিজা বক্তব্যৰ সামৰণি মাৰে।
এই শোকসভাত আৰু উপস্থিত থাকে সন্ধানীৰ প্ৰচাৰ সম্পাদিকা বোধেশ্বৰী বৰা, অনিমা বৰাৰ লগতে সদস্যা সকল। উল্লেখ্য যে ড° শীলা বৰঠাকুৰৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন অনুষ্ঠানত বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ হৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, কাৰ্যালয় সম্পাদিকা ৰেখা বৰা, সহকাৰী সম্পাদিকা মৃদুস্মিতা শৰ্মা আৰু কাৰ্যকৰী সদস্যা কুঞ্জলতা দাস উপস্থিত থাকে।













