ASSAM TIMES POST
নিউজ ডেক্স:
ক’ৰোনা পৰিস্থিতিত দেশত লকডাউন বলবৎ কৰাৰ ফলত আৰ্থিক ক্ষতিত পৰিছে টাটা গ্ৰুপ৷ এইবাৰ কঠিন সিদ্ধান্ত লৈছে এই উদ্যোগ গোষ্ঠীয়ে৷ বিপুল সংখ্যক কর্মী আঁতৰ কৰিছে টাটা গোষ্ঠীয়ে৷ ইতিমধ্যে চাকৰি গৈছে প্ৰায় ১০০০ কৰ্মীৰ৷ ইয়াৰ পাছতো আগন্তুক দিনত কৰ্মী আঁতৰ কৰাৰ সম্ভাৱনা আছে৷
প্ৰাপ্ত তথ্য মতে৷লকডাউনৰ বাবে টাটা গোষ্ঠীৰ আয়ত ভেটা পৰিছে৷ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে একাধিক উদ্যোগ৷ এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কিছু দিনৰ ভিতৰত বহু কৰ্মী আঁতৰাই দিয়ে টাটা গোষ্ঠীয়ে৷ লকডাউনৰ বাবে টাটা গ্ৰুপৰ বিমান সংস্থা ভিছটাৰা, গাড়ী উদ্যোগ টাটা মটৰ্ছ, এৰোস্পেচ জাতীয় একাধিক ব্যৱসায় বেয়া হৈ পৰিছে৷
জানিব পৰা মতে গাড়ী উৎপাদনত জড়িত কৰ্মীক আঁতৰাব কোম্পানীটোৱে৷ টাটা মটৰ্ছৰ জাগুৱাৰ লেণ্ডৰোভাৰৰ উৎপাদনত থকা কৰ্মীৰ ওপৰত এই আঁতৰকৰণ প্ৰক্ৰিয়া বেছিকৈ হ’ব৷ উল্লেখ্য যে লকডাউন আৰম্ভ কৰাৰ সময়ত টাটা গোষ্ঠীয়ে ঘোষণা কৰিছিল যে কোনো কৰ্মীক খেদা নহ’ব৷ আনকি ক্ষতিৰ সন্মুখীন হ’লেও কোনো সম্পত্তি বিক্ৰী কৰা নহ’ব৷ কিন্তু শেষত বিপৰীত ছবি পোহৰলৈ আহিছে৷


