ASSAM TIMES POST
বোকাখাত: সদৌ অসম মইনা পাৰিজাতে ২০১৯ বর্ষৰ বাবে আগবঢােৱা উপাধি প্রাপক সকলৰ নাম ঘোষণা কৰিছে। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লগতে মইনা পাৰিজাতৰ প্রসাৰ আৰু প্রচাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবে সংগঠনটোৱে প্ৰতি বছৰে আগবঢ়ায় ‘শিশু মহিয়ান’ আৰু ‘শিশুবন্ধু’ উপাধি।
সংগঠনটোৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম মইনা পাৰিজাতে উক্ত দিশত অৱদান আগবঢ়োৱা ৰাজ্যৰ বিভিন্ন জিলাৰ ব্যক্তিৰ লগতে বোকাখাতৰ জ্যেষ্ঠ নাগৰিক, প্ৰৱীন সাংবাদিক, শিক্ষাবিদ ভৱেশ শইকীয়ালৈকো ২০১৯ বৰ্ষৰ ‘শিশুবন্ধু’ উপাধি আগবঢ়াইছে ।
ভৱেশ শইকীয়ালৈ আগবঢ়োৱা এই স্বীকৃতিত বোকাখাত জিলা মইনা পাৰিজাতৰ লগতে বোকাখাতবাসীও অতিশয় সুখী আৰু আনন্দিত হৈছে । বিভিন্ন দল সংগঠনৰ লগতে বোকাখাত জিলা মইনা পাৰিজাতেও ভৱেশ শইকীয়ালৈ আভিনন্দন জ্ঞাপন কৰিছে । ১৯৫৫ চনতেই প্ৰতিষ্ঠা হোৱা বোকাখাত মইনা পাৰিজাতৰ জন্ম লগ্নৰে পৰাই জড়িত ভৱেশ শইকীয়াই বিগত চাৰিটা দশকেই সংগঠনটোৰ সৈতে জড়িত হৈ বোকাখাত মইনা পাৰিজাতৰ স্থায়ী গৃহ আৰু বোকাখাতৰ শিশুগৃহ প্ৰতিষ্ঠা কৰিছিল ৷
এই শিশুগৃহই পাছলৈ বোকাখাতৰ অনাথ আশ্ৰম হৈছিল গৈ ৷ ১৯৫৫ চনত বোকাখাত মইনা পাৰিজাত গঠন হোৱাৰ সময়ত সদৌ অসম মইনা পাৰিজাত আৰু গোলাঘাট জিলা মইনা পাৰিজাতেই গঠন হোৱা নাছিল ৷ ১৯৫৮ চনত ডিব্ৰুগড়ত সদৌ অসম মইনা পাৰিজাত আৰু ইয়াৰ অধীনতে গোলাঘাট জিলা মইনা পাৰিজাত গঠন হয় ৷ গোলাঘাট জিলাৰ দ্বিতীয়জন সম্পাদক হিচাবে ভৱেশ শইকীয়াৰ দিনতে জিলাখনত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হৈছিল ৷
সম্প্ৰতি নব্বৈ বছৰোৰো উৰ্ধৰ প্ৰবীন সাংবাদিক ভৱেশ শইকীয়া আসাম প্ৰেছ কৰে’চপন্ডেন্ট ইউনিয়নৰ চমুকৈ আপকু আৰু বোকাখাত প্ৰেছ ক্লাবৰো প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধিৰ বাবে বোকাখাত প্ৰেছ ক্লাব , বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু ইমজাৰ তৰফৰ পৰা ভৱেশ শইকীয়াক আজি অভিনন্দন জনোৱা হয় ৷













