ASSAM TIMES POST
ডিফু: শণিবাৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এনে কে সিঙে ডিফুস্থিত জিলা ন্যায়িক আদালত পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত ন্যায়াধীশ গৰাকীয়ে আদালত চৌহদতে ক’ভিড- ১৯ ৰ প্ৰট’কল অনুসৰণৰ মাজেৰে জিলা সত্ৰ ন্যায়াধীশ আৰু জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় ৷
আলোচনাত জিলা সত্ৰ ন্যায়াধীশ, ডিএলএছএ সচিব, মাননীয় ডিফু ন্যায়িক আদালতৰ অনান্য ন্যায়াধীশ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অংশ গ্ৰহণ কৰে ৷ বিশ্বস্ত সূত্ৰে জানিব পৰা অনুসৰি মাননীয় ন্যায়াধীশ গৰাকীয়ে ডিফু – লামডিং পথৰ কাষত ন্যায়িক আদালতৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে আবণ্টিত ২৫ বিঘা ভূমিৰ লগতে ইয়াৰ বিভিন্ন আন্ত: গাথনিৰ সন্দৰ্ভত আলোচনা কৰে ৷
ইয়াৰোপৰি জিলাবাসীলৈ লকডাউনৰ সময়ত অধিক সহায় আগবঢ়াবলৈ জিলা প্ৰশাসন আৰু ডিএলএছএক আহ্বান জনায় ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যপন্থাৰ ওপৰতো আলোচনা কৰে অসম আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰো কাৰ্যকৰী অধ্যক্ষৰ দায়িত্বত থকা জ্যেষ্ঠ ন্যায়াধীশ এন কে সিঙে ৷













