ASSAM TIMES POST
ডিফু:সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো আন্তৰ্জাতিক নিচা বিৰোধী আৰু অবৈধ সৰবৰাহ দিৱসটি উদযাপন কৰা হয় ৷ এই উপলক্ষে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত ক’ৰোনা ভাইৰাছৰ সম্পূৰ্ণ নীতি- নিৰ্দেশনা মানি চলি ও সামাজিক দূৰতেব বজাই ৰাখি ডিফুৰ জিলা কাৰাগাৰত সকলোকে মাস্ক পৰিধান নিশ্চিত কৰাৰ পিছত আন্তৰ্জাতিক নিচা বিৰোধী আৰু ইয়াৰ অবৈধ সৰবৰাহ দিৱস পালন কৰে ৷

কাৰাগাৰটোত থকা কাৰাবন্দী সকলৰ মাজত সমাজক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ ঠেলি নিয়া নিচাযুক্তৰ দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ ওপৰত উপস্থিত বক্তা সকলে সুন্দৰ বিশ্লেষণ আৰু বাখ্যা আগবঢ়ায় লগতে যুৱ প্ৰজন্মক এই মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু সৰবৰাহৰ পৰা নিজকে বচাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় বক্তা সকলে ৷
নিজৰ বহুমূলীয়া জীৱনটোক নিচাযুক্ত দ্ৰব্যৰ ওচৰত সমৰ্পণ নকৰি জীৱনটোক উপভোগ কৰাৰ লগতে গঠনমূলক কামত নিয়োজিত কৰিবলৈ আহ্বান জনায় ৷ উক্ত কাৰ্যসূচীত ডিএলএছএৰ সচিব নাগিব আহমেদ, প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ ৰঞ্জুমনি পেগু, অতিৰিক্ত উপায়ুক্ত জিণ্টু বৰা আৰু ডিএলএছএৰ অধিবক্তা ৰশ্মি ভৰালী, উপস্থিত থাকে ৷













