‘
ASSAM TIMES POST
বোকাখাত:অসমীয়া সাহিত্য চৰ্চাৰ অন্যতম গোট ‘সাহিত্য অন্বেষণে’ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত কবিতা, অণুগল্পৰ লগতে ‘নীলা খামৰ চিঠি’ শীৰ্ষক চিঠি লিখা প্ৰতিযোগিতাৰ এলানি অনলাইন সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে।
ফোন তথা সামাজিক মাধ্যমৰ জৰিয়তে ফলাফলসমূহ ঘোষণা কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত অনলাইন প্ৰতিযোগিতাখনিৰ ফলাফল ‘সাহিত্য অন্বেষণ’ৰ সভাপতি জোনমনি চেতিয়া, মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈ, সম্পাদক দাদুমনি বৰা, সহঃ সম্পাদক চুমি গগৈ, কৃষ্ণা জ্যোতি জোনাক, দিপজ্যোতি বৰদলৈৰ উপস্থিতিত প্ৰতিযোগী আৰু বিচাৰকসকলক ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি একত্ৰিত কৰি ফলাফলসমূহ ঘোষণা কৰা হয়।
প্ৰতিযোগিতাৰ ‘পৃথিৱীৰ অসুখ আৰু প্ৰতিশ্ৰুতি সময়’ শীৰ্ষক কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰৰ মুগ্ধাপখিয়ে, দ্বিতীয় স্থান যুটীয়াভাৱে ক্ৰমে গুৱাহাটীৰ অঞ্জনা দত্ত আৰু তিনিচুকীয়াৰ শতঞ্জীৱা সন্দিকৈয়ে, তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে ক্ৰমে তেজপুৰৰ ধৰিত্ৰী শ্ৰাৱন আৰু মৰিগাঁৱৰ বৰ্ণালী কলিতাই। উদগনি বঁটা লাভ কৰে ক্ৰমে নলবাৰীৰ বৰষা বৰ্মন, দেৰগাঁৱৰ অনুৰাগ শইকীয়া আৰু নলবাৰীৰে প্ৰতীক্ষা গোস্বামীয়ে।
অণুগল্প প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে গুৱাহাটীৰ পম্পী বৰা বৈশ্য আৰু নগাঁৱৰ নীৰুজা বৰাই, তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে ক্ৰমে মাজুলীৰ ঋতু অনুৰাগ আৰু নগাঁৱৰ খনিন্দ্ৰ ভূষণ মহন্তই। ‘নীলা খামৰ চিঠি’ শীৰ্ষক চিঠি লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নগাঁৱৰ খনিন্দ্ৰ ভূষণ মহন্ত, দ্বিতীয় স্থান যুটীয়াভাৱে ক্ৰমে যোৰহাটৰ প্ৰতিযোগীদ্বয় পাৰ্থ প্ৰতীম বৰা, পম্পী কলিতা আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে ক্ৰমে যোৰহাটৰ প্ৰতিযোগীদ্বয় অম্লানদ্বীপ শইকীয়া, শাশ্বতী সভাপণ্ডিত আৰু দেৰগাঁৱৰ দেৱাশ্ৰী হাজৰিকাই৷ উদগনি বঁটা লাভ কৰে ক্ৰমে গোলাঘাটৰ বিশ্বজিত ডি চেতিয়া, নলবাৰীৰ চামতাৰ বৰষা বৰ্মন, মৰিগাঁৱৰ বৰ্ণালী কলিতা আৰু নগাঁৱৰ ত্ৰিদীপ বৰাই।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক ‘সাহিত্য অন্বেষণ’ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। উল্লেখ্য যে বিগত বৰ্ষৰ দৰে এই বৰ্ষও বৰেণ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া সাহিত্য সংগঠনটোৰ দ্বিতীয় বৰ্ষপূৰ্তি সাম্প্ৰতিক সময়ৰ কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সেই আয়োজন স্থগিত কৰি এনে অনলাইন সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিছে ‘সাহিত্য অন্বেষণ’ৰ মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈয়ে। লগতে ‘সাহিত্য অন্বেষণ’ৰ ৱাটচ্ এপ গোটৰ সৈতে ৮০১১৭০২৩৪৮, ৭৬৬৪০৭৯৬৫৬ ৱাটচ্ এপ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও সংগঠনৰ মুখ্য সম্পাদক গৰাকীয়ে জানিবলৈ দিছে।













