ASSAM TIMES POST
নিউজ ডেস্ক:
ঘৰত সোমাই বাস কৰি থকাই নহয়, ৰীতিমতে বংশবিস্তাৰো আৰম্ভ কৰিছিল এডাল বিষধৰ সাপে। শুক্রবাৰে তামিলনাডুৰ কোয়মবত্তুৰ জিলাৰ ঘটনা। ঘৰৰ পৰা বিষধৰ সাপ আৰু তাৰ ৩৫ডাল পোৱালি উদ্ধাৰ কৰা হয়। পিছত সেইকেইডালক সিহঁতৰ প্ৰকৃত বাসস্থানত থৈ অহা হয়।
কোয়মবত্তুৰৰ কোভিমেদু এলেকাৰ বাসিন্দা মনোহৰণ। শুক্রবাৰে তেওঁ দেখে, তেওঁলোকৰ ঘৰৰ বাথৰুমত সোমাই আছে এডাল সাপ। লগে লগে তেওঁ চিঞৰ-বাখৰ আৰম্ভ কৰে। খবৰ দিয়া হয় মুৰলি নামৰ স্থানীয় এক সাপ ধৰাত দক্ষ ব্যক্তিক। মুৰলি সাপ ধৰিবলৈ বাথৰুমলৈ সোমাই যায়।
সাপডালক ধৰি এখন চটী মোনাত ভৰায়। তেওঁ ভাবিছিল কাম শেষ হৈ গ’ল, এতিয়া সাপডালক হাবিত এৰি দিলেই হ’ল। ঠিক তেতিয়াই দেখে, সাপডাল অকলে নহয়, তাৰ সাংগোপাংগোও আছে। ডাঙৰ সাপডালৰ মোনাটো এডাল গছৰ গুৰিত ৰাখি পুনৰ বাথৰুমলৈ ঘূৰি আহে মুৰলি।
এইবাৰ বাথৰুমৰ পৰা এডাল এডালকৈ বাহিৰ কৰি আনে ৩৫ডাল সাপৰ পোৱালি। পিছত আটাইকেইডাল সাপ তামিলনাডুৰ এৰোডে জিলাৰ সত্যমঙ্গলম হাবিত এৰি দিয়াৰ ব্যৱস্থা কৰা হয়।এই ‘ৰাছেলছ ভাইপাৰ’ অতি বিষধৰ সাপ বুলিও জনায় মুৰলিয়ে।
ৰাছেলছ ভাইপাৰৰ বিশেষত্ব হ’ল, অন্য সাপে যেনেদৰে কণী পাৰি তাৰ পৰা পোৱালি জগায়, ইয়াৰ তেনে নহয়। ৰাছেলছ ভাইপাৰৰ দৰে সাপে নিজৰ শৰীৰৰ ভিতৰতেই কণীসমূহ ৰাখে কিছু দিন। তাৰ পিছত কণী ফুটি পোৱালি হ’লে সেইবোৰক শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়ে। পোৱালি সাপবোৰো জন্মৰ সময়তেই অতি বিষাক্ত হয়।











