ASSAM TIMES POST
নিউজ ডেস্ক:
লাদাখ-সংঘাতৰ জোৰতেই প্রথম ৰাফেল যুদ্ধ বিমান আহিবলৈ আগবাঢ়িছে ভাৰতত। সংবাদ সংস্থা এএনআইৰ মতে, জুলাই মাহৰ শেষত পূর্ণ অস্ত্র সম্ভাৰসহ ছখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিব। সেইসমূহ হাৰিয়ানাৰ অম্বালা বায়ুসেনা ঘাটিৰ ‘গোল্ডেন এৰো (১৭ নম্বৰ) স্কোৱাড্রন’ত অন্তর্ভুক্ত হ’ব। আগষ্ট মাহৰ আৰম্ভণিতেই ছখন যুদ্ধৰ বাবে প্রস্তুত হৈ যাব ভাৰতীয় বিমান বাহিনীৰ এই ৰাফেল শক্তি।
প্রকাশিত খবৰত দাবী কৰা হৈছে, অহা ২৭ জুলাইত ছখন ৰাফেল অম্বালাত উপস্থিত হ’ব। দক্ষিণ ফ্রান্সৰ ইষ্টাৰ কমিউনৰ পৰা বিমান কেইখন উৰুৱাই আনিব ভাৰতীয় বায়ুসেনাৰ পাইলটসকলে। মাজত সংযুক্ত আৰব আমিৰশাহিৰ আবুধাবিৰ আফ ধাফৰা এয়াৰবেছত হ’ব সাময়িক যাত্রা বিৰতি। প্রকাশিত খবৰৰ দাবী, অত্যাধুনিক ‘এয়াৰ টু এয়াৰ’ ক্ষেপণাস্ত্র ম্যাটিওয় আৰু এয়াৰ লঞ্চড ক্রুজ ক্ষেপণাস্ত্র স্ক্যাল্পসহ ফ্রান্সৰ পৰা উৰা মাৰিব এই ছখন ৰাফেল। ফলত যুদ্ধ-প্রস্তুতিৰ বাবে বেছি সময় নালাগিব।











