ASSAM TIMES POST
নিউজ ডেস্ক:
এফালে ক’ৰোনাৰ আক্ৰমণ, আনফালে সীমান্ত বিবাদক কেন্দ্ৰ কৰি ভাৰত-চীন সম্পর্কৰ পাৰা শীৰ্ষত। এই পৰিস্থিতিতে আজি ৰাষ্ট্ৰৰ উদ্দেশে ভাষণ দিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বিয়লি ৪ বজাত দেশবাসীৰ উদ্দেশে তেওঁ কয়, নৱেম্বৰ পর্যন্ত বিনামূল্যে ৰেচন পাব দেশৰ ৮০ কোটি লোকে। ইয়াৰ উপৰি আনলক -২ সকলোৱে অধিক সফলভাবে মানিব লাগিব বুলিও মোদীয়ে জনায়।
উল্লেখযোগ্য যে আজি অন্ত পৰিছে আনলক ১ৰ ম্যাদ। বুধবাৰৰ পৰা দেশত আৰম্ভ হ’ব আনলক -২। সোমবাৰেই নতুন গাইডলাইন প্রকাশ কৰিছে গৃহ মন্ত্ৰালয়ে। কনটেইনমেন্ট জোনৰ উপৰি সর্বত্র নীতি-নিয়ম শিথিল কৰা হৈছে।











