
নিউজ ডেস্ক:
এইবাৰ চীনা সঙ্গ ত্যাগ কৰিছে বিখ্যাত চাইকেল প্রস্তুতকাৰক প্রতিষ্ঠান হিৰোই। চীনৰ সৈতে প্রায় ৯০০ কোটি টকা আসন্ন বাণিজ্যিক চুক্তি বাতিল কৰিছে। ইয়াৰ পূৰ্বে চৰকাৰীভাবে টিকটক, ভিগোসহ ৫৯টি চীনা এপ বাতিল কৰা হৈছিল। সম্প্রতি চৰকাৰীভাবে বাতিল কৰা হৈছে কেইবাটাও ডাঙৰ চীনা নিবিদাও।
কিন্তু বেচৰকাৰীভাবে হিৰোই প্রথম এই পদক্ষেপ লৈছে।হিৰো চাইকেলছৰ অধ্যক্ষ তথা মেনেজিং ডিৰেক্টৰ পঙ্কজ মুঞ্জলে নিজেই এই ঘোষণা কৰিছে। পঙ্কজ মুঞ্জলে জনাইছে, ‘আগন্তুক তিনি মাহত চীনৰ সৈতে আমাৰ ৯০০ কোটি টকাৰ ব্যৱসায় কৰাৰ কথা আছিল। কিন্তু আমি সকলো পৰিকল্পনা বাতিল কৰিছোঁ।
কাৰণ চীনা পণ্য বয়কট কৰিবলৈ আমিও অঙ্গীকাৰবদ্ধ।’ পঙ্কজ মুঞ্জলে লগতে জনায়, চীনৰ বিকল্প হিচাপে জার্মানিৰ দিশে আগুৱাইছে তেওঁলোক। ইয়াৰ উপৰি জার্মানিত কাৰখানা গঢ়াৰ পৰিকল্পনা আছে হিৰো চাইকেলৰ। ফলত ইউৰোপৰ বজাৰত নিজৰ দখল বঢ়াব পাৰিব বুলি অনুমান কৰিছে কোম্পানীটোৰ ডিৰেক্টৰে।
মুঞ্জলে ইয়াকো জনাইছে, কৰোনা মহামাৰিত বিগত কেইবা মাহত বিশ্বজুৰি চাইকেলৰ চাহিদা বাঢ়িছে। সেই জোৱাৰত হিৰো চাইকেলৰ চাহিদাও বাঢ়িছে।চীনা প্রতিষ্ঠান ‘হাইএণ্ড বাইচাইকেল’ৰ যন্ত্রাংশ আমদানি কৰিছিল হিৰো চাইকেলছে। ইয়াৰ উপৰি জানিব পৰা গৈছে, কোম্পানীটোৱে বাইচাইকেলৰ পিছত শীঘ্ৰে হিৰোৰ মটৰ চাইকেলৰ চীনা যন্ত্রাংশও বাতিল কৰিবলৈ আগবাঢ়িছে। এই ক্ষেত্ৰতো এইবাৰ জাপানৰ দিশে আগবাঢ়িব পাৰে হিৰো।











