![]()
নিউজ ডেস্ক:
আন্তর্জাতিক মঞ্চত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ বন্ধুত্বই এক নতুন উচ্চতা লাভ কৰিছে। মোদীৰ মুখত যেনেদৰে আমেৰিকা আৰু ট্রাম্পৰ প্রশংসা শুনা গৈছে বহুবাৰ, তেনেদৰেই ভাৰত আৰু সর্বোপৰি মোদীৰ প্রশংসাত পঞ্চমুখ মার্কিন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প।
মার্কিন ভাৰত সম্পর্ক
কেতিয়াবা আমেৰিকাত ভাৰতৰ প্রধানমন্ত্রী মোদীৰ উদ্দ্যেশ্যে আয়োজিত ‘হাউডি মোদী’, বা পুনৰ কেতিয়াবা আমেদাবাদত স্টেডিয়াম উদ্বোধনত ‘নমস্তে ট্রাম্প’ অনুষ্ঠান। বিভিন্ন সময়ত এই দুই দেশৰ প্রধান দুজনৰ মাজৰ মিত্রতাৰ সম্পর্ক প্রকাশ্যে আহিছে। আনকি মহামাৰি কৰোনা ভাইৰাছৰ সংকটৰ দিনতো অন্যান্য দেশৰ দৰে আমেৰিকাৰ কাষত আছিল ভাৰত। বিনিময়ত সৌজন্য প্ৰকাশ কৰি আমেৰিকাইও ভাৰতক সহায় কৰিছে মন খুলি।
মোদীৰ শুভেচ্ছা আমেৰিকাবাসীক
৪ জুলাই শনিবাৰে আছিল আমেৰিকাৰ ২৪৪সংখ্যক স্বাধীনতা দিৱস। সংকটৰ মুহূর্ত হ’লেও এই দিনত ট্রাম্প আৰু আমেৰিকাবাসীক অভিনন্দন জনাবলৈ পাহৰা নাছিল প্রধানমন্ত্রী মোদীয়ে। শনিবাৰে এক ট্যুইট বার্তাত মোদীয়ে লিখে, ‘আমি ডোনাল্ড ট্রাম্পসহ আমেৰিকাৰ সকলো নাগৰিকক ২৪৪সংখ্যক স্বাধীনতা দিৱসৰ বাবে শুভেচ্ছা জনালো।’
ট্রাম্পৰ উত্তৰ
বন্ধু দেশ ভাৰতৰ প্রধানমন্ত্রীৰ পৰা এই শুভেচ্ছা বার্তা গ্রহণ কৰি ট্রাম্পৰ উত্তৰ, “ধন্যবাদ বন্ধু মোদী। আমেৰিকাইও ভালপায় ভাৰতক।” উল্লেখযোগ্য যে মহামাৰিৰ সংক্রমণৰ আশঙ্কাৰ মাজতে স্বাধীনতা দিৱস উপলক্ষে আয়জিত দক্ষিণ ডাকোটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।











