
নিউজ ডেস্ক :
বিগত ২৪ ঘণ্টাত ৰেকৰ্ড সংক্ৰমণৰ ফলত এতিয়া বিশ্বৰ কোভিড আক্ৰান্ত দেশৰ তালিকাত ভাৰতৰ স্থান তৃতীয়। এই তালিকাত ইমান দিনে থকা ৰাছিয়াক পিছ পেলাই ভাৰত তৃতীয় স্থানলৈ উন্নীত হয়!
ফ্রান্স, ইটালি, ব্রিটেইনৰ দৰে দেশক কেতিয়াবাই অতিক্ৰম কৰি চতুর্থ স্থানত আছিল ভাৰত। সাম্প্রতিক সময়ত দ্রুত গতিত দেশত সংক্রমণ বৃদ্ধিৰ ফলত ভাৰতে চেৰ পেলালে ৰাছিয়াক। জন্স হপকিন্সৰ তথ্য অনুসৰি, ৰাছিয়াত মুঠ আক্রান্তৰ সংখ্যা ৬ লাখ ৮০ হাজাৰ। আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত প্রায় ২৫ হাজাৰ বৃদ্ধি পাইছে। যাৰ ফলত এতিয়া ভাৰতত মুঠ আক্রান্তৰ সংখ্যা ৭ লাখৰ ওচৰ পালেগৈ।
উল্লেখযোগ্য যে মুঠ কৰোনা আক্রান্তৰ সংখ্যাত ২৮ লাখৰো অধিক আক্ৰান্তৰে বিশ্বত প্ৰথম স্থানত আছে আমেৰিকা।
আনহাতে, ১৬ লাখৰো অধিক আক্ৰান্ত হোৱা ব্ৰাজিল তালিকাৰ দ্বিতীয় স্থানত আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, ভাৰতত যোৱা ২৪ ঘণ্টাত ২৪ হাজাৰ ২৪৮জন নতুনকৈ আক্রান্ত হৈছে। ইয়াকে লৈ এতিয়া দেশত মুঠ আক্রান্তৰ সংখ্যা হ’ল ৬ লাখ ৯৭ হাজাৰ ৪১৩ জন।
একেদৰে বিগত ২৪ ঘণ্টাত দেশত ৪২৫ জনৰ মৃত্যু ঘটিছে কৰোনাত। ফলত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১৯ হাজাৰ ৬৯৩। মৃত্যু আৰু আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্র। ইয়াৰ পিছত আছে ক্ৰমে দিল্লী আৰু গুজৰাট।
উল্লেখযোগ্য যে দেওবাৰৰ দিনটোত কৰোনাৰ পৰা সুস্থ হৈ উঠাৰ মুঠ সংখ্যা হৈছে চাৰি লক্ষাধিক।













