
নিউজ ডেস্ক :
কৰোনা ভাইৰাছক লৈ চাঞ্চল্যকৰ তথ্য প্রকাশ্যে আহিছে। চীনৰ উহানত গবেষণাগাৰত ৰখা হৈছিল কৰোনা ভাইৰাছ। এই সত্য ফাদিল কৰিছে এক প্ৰতিবেদনে। ২০১৩ চনতেই কৰোনা ভাইৰাছৰ ফ্রোজেন ছেম্পল পঠোৱা হৈছিল উহানৰ গবেষণাগাৰলৈ। উহানৰ ভাইৰলজি ইনস্টিটিউটক জনোৱা হৈছিল এটি বাদুলীৰ পৰা বিয়পায়।
উহানৰ গবেষণাগাৰত কৰোনা
উহানৰ গবেষণাগাৰলৈ ২০১৩ চনত কৰোনা ভাইৰাছৰ ফ্রোজেন ছেম্পল পঠোৱা হৈছিল। উহানৰ ভাইৰলজি ইনস্টিটিউটক জনোৱা হৈছিল বাদুলীৰ পৰা এই ভাইৰাছ সংক্রমিত হয় বুলি। আৰু কোৱা হৈছিল এই ভাইৰাছৰ সংক্রমণত সাতজন নিউমোনিয়াত আক্রান্ত হৈছিল দক্ষিণ পূব চীনত। আনকি এওঁলোকৰ ভিতৰত তিনিজন যে এই মাৰণ ভাইৰাছৰ সংক্রমণত মৃত্যু হৈছিল সেই কথাও উহানৰ ভাইৰলজি ইনস্টিটিউটক জনোৱা হৈছিল।
গবেষণা চলাইছিল গবেষকসকলে
কৰোনা ভাইৰাছক লৈ গবেষণা আৰম্ভ কৰিছিল চীনৰ উহান ভাইৰলজি ইনস্টিটিউটৰ গবেষক চি জেঙ্গলিয়ে। ইয়াৰ পূৰ্বে তেওঁ চাৰ্চৰ ওপৰতো গবেষণা কৰিছিল। চি ‘বেট উইমেন’ নামেৰেই পৰিচিত চীনত। তেওঁ জনাই, ২০১৩ চনত ইউনানৰ গবেষণাগাৰলৈ RaTG 13 নামৰ এক প্ৰকাৰৰ ভাইৰাছ লৈ যোৱা হৈছিল যাৰ চৰিত্র ৯৬. ২ শতাংশ কৰোনা ভাইৰাছৰ দৰেই। এটি পৰিত্যক্ত খনিত এই ভাইৰাছৰ অস্তিত্ব পোৱা গৈছিল।
উহানৰ গবেষকে মানিব নিবিচাৰে
কিন্তু RaTG 13 নামৰ কোনো ভাইৰাছ যে উহানৰ গবেষণাগাৰত সংৰক্ষিত আছে সেই কথা মানিব নিবিচাৰে তাৰ গবেষকসকলে। এই পর্যন্ত প্রমাণ পোৱা যোৱা নাই যে এই গবেষণাগাৰৰ পৰাই কৰোনা ভাইৰাছ বিয়পিছে। অৱশ্যে আমেৰিকাই একাধিকবাৰ দাবী কৰিছে উহানৰ গবেষণাগৰৰ পৰাই বিয়পিছে কৰোনা ভাইৰাছ।
উৎসৰ সন্ধানত হু
অহা সপ্তাহতেই কৰোনা ভাইৰাছৰ উৎসৰ সন্ধানত চীনলৈ যাব হুৰ গবেষকসকল। তেওঁলোকে এই ভাইৰাছৰ উৎস জনাৰ চেষ্টা কৰিব। কাৰণ বিগত ৬ মাহ ধৰি এই ভাইৰাছৰ সৈতে যুদ্ধ কৰিছে সমগ্ৰ বিশ্বই। কিন্তু এতিয়া পর্যন্ত তাৰ কোনো প্রতিষেধক বা টীকা উলিয়াব পৰা নাই গবেষকসকলে।













