
নিউজ ডেস্ক :
কৰোনাভাইৰাছ লকডাউনৰ কাৰণে সুকন্যা সমৃদ্ধি একাউন্ট খোলাৰ ক্ষেত্ৰত কিছু নিয়ম শিথিল কৰিছে কেন্দ্রীয় চৰকাৰে । বিগত ২০ মার্চৰ পৰা ৩০ জুন পর্যন্ত লকডাউন চলাকালীন যি শিশুকন্যাই ১০ বছৰ বয়স অতিক্ৰম কৰিছে ৩১ জুলাই বা তাৰ আগত সেই সকলো শিশুকন্যাৰ নামত সুকন্যা সমৃদ্ধি একাউন্ট খুলিব পাৰে৷ ডাক দফতৰৰ তৰফৰ পৰা এই বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে ৷
বর্তমান নিয়ম অনুসৰি শিশুকন্যাৰ ১০ বছৰ বয়স পর্যন্ত সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট খোলা হয় । কিন্তু লকডাউনৰ কাৰণে কোনো অভিভাবক যদি তাৰ শিশুকন্যাৰ বাবে এই একাউন্ট খুলিব নোৱাৰে, তেওঁলোকৰ সহায়ৰ বাবে এই ৰেহাই দিয়া হল। উল্লেখ্য, বর্তমান স্বল্প সঞ্চয় প্রকল্পসমূহৰ মাজত একমাত্র সুকন্যা সমৃদ্ধি যোজনাতেই আটাইতকৈ বেছি সুত পােৱা যায়। চলিত জুলাই ত্রৈমাসিকত এই হাৰ ৭.৬ শতাংশ স্থিৰ কৰিছে কেন্দ্রীয় চৰকাৰ ৷
এটা আর্থিক বছৰত সুকন্যা সমৃদ্ধি একাউন্টত সর্বাধিক ডেৰ লাখ টকা জমা দিব পৰা যায়। সেই ক্ষেত্রত কোনোৱে ইচ্ছা কৰিলে এবাৰতে বৃহত সংখ্যাৰ টকা জমা দিব পাৰে । আকৌ মাহিলি কিস্তিতো টকা জমা দি যাব পাৰে । কিমানবাৰ তেওঁ টকা জমা দিব , এনে কোনো সর্বোচ্চ সীমা নাই । কিন্তু চর্ত এটাই, কোনো আর্থিক বছৰত কোনো একাউন্টত সর্বোচ্চ ডেৰ লাখ টকার বেছি জমা দিব নোৱাৰে ৷
এই একাউন্ট খোলাৰ ক্ষেত্রত অভিভাবকসকলৰ বাবে কেইবাটাও মানদণ্ড আছে। বয়স সংক্রান্তীয় নিয়মত হলে এই একাউন্ট খুলিব পাৰে । অভিভাবকে তেওঁৰ এটি কন্যাৰ নামত এটি মাত্র একাউন্ট খুলিব পাৰিব । কিন্তু এজন অভিভাবকে তেওঁৰ ছোৱালী সকলৰ নামত সর্বোচ্চ দু’টা সুকন্যা সমৃদ্ধি একাউন্ট খুলিব পাৰে ।
সুকন্যা সমৃদ্ধি যোজনাৰ সর্বোচ্চ ম্যাদ ১৫ বছৰ। ফলত একাউন্ট খোলাৰ পিছৰ পৰা সর্বোচ্চ ১৫ বছৰ পর্যন্ত ইয়াত টকা জমা দিব পৰা যায় । কিন্তু ছোৱালীৰ বয়স ১৮ বছৰ হলে বিয়াৰ বাবে একাউন্টৰ পৰা আংশিক টকা তোলাৰ সুযোগ আছে। আৰু ছোৱালীৰ বয়স ২১ বছৰ হৈ গলে একাউন্ট বন্ধ কৰিব পৰা যায়।













