
নিউজ ডেস্ক :
এইবাৰ গালৱান সেনা সংঘর্ষৰ বীভৎসতাক লৈ মুখ খোলা দেখা গ’ল নিহত ভাৰতীয় সেনাৰ পৰিয়ালৰ সদস্যই। লাল-ফৌজৰ সৈতে সন্মুখ সমৰত নিহত দুই সেনাৰ পৰিয়ালৰ লোকে দাবী কৰিছে, নিৰস্ত্র অৱস্থাৰেই পিপলছ লিবাৰেচন আর্মিৰ সেনা জোৱানৰ সৈতে যুঁজিব লগা হৈছিল ভাৰতীয় সেনাই।
প্রায় ৩০০ৰ পৰা ৪০০ জন চীনা সেনাৰ চক্ৰবেহুত মধ্যে নিৰস্ত্র অৱস্থাতে সংঘর্ষত জড়িত হৈ পৰিছিল ভাৰতীয় সেনা। লাডাখাৰ প্রকৃত নিয়ন্ত্রণ ৰেখা সংলগ্ন অঞ্চলত ১৫ জুনৰ সেনা সংঘর্ষত নিহত দুই জোৱানৰ পৰিয়ালৰ সদস্যসকলে এই কথা জনাইছে বুলি জানিব পৰা গৈছে। আনহাতে, ইয়াৰ পূৰ্বে একাধিক সূত্রত জানিব পৰা গৈছিল কাঁইট বন্ধা লোহাৰ ৰডেৰে উক্ত নিশা ভাৰতীয় সেনা জোৱানৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল পিএলএৰ জোৱানে।
সম্প্রতি সেই নিশাৰ বীভৎস নির্মমতাৰ কথা সংবাদ মাধ্যমত জনাইছে আৰু এজন নিহত সেনাৰ পিতৃয়ে। সেই অন্ধকাৰময় নিশা এক ধৰণৰ ধাতব নখেৰে সেনা জোৱানসকলৰ ডিঙি চিৰাচিৰ কৰিছিল পিএলএৰ সেনা জোৱানে। সংঘর্ষস্থলীৰ পৰা তেওঁক এই কথা জনাইছিল সেই মৃত সেনাৰেই আন এক সহযোদ্ধাই। আৰু এজন ভাৰতীয় সেনা জোৱানক পশ্চিম হিমালয়ৰ গালৱান নদীৰ হিম শীতল পানীৰ মাজত পেলাই মাৰে বুলিও জনাইছে তেওঁৰ পৰিয়ালৰ সদস্যজনে। প্রত্যক্ষদর্শীৰ পৰা তেওঁলোকে এই কথা জানিব পাৰিছে বুলি জনাইছে।
১৫ জুনৰ এই ৰক্তক্ষয়ী সংঘর্ষত ভাৰতীয় সেনাৰ ২০ জন জোৱানৰ মৃত্যুৰ খবৰ পোৱা যায়। তাৰ ভিতৰত এজন কর্নেলো আছিল।
চীনা সেনাৰ হাতত নিহত ২০ ভাৰতীয় জোৱানৰ ভিতৰত ১৩ জনৰ শৰীৰতেই বীভৎস ক্ষতচিহ্ন দেখিবলৈ পোৱা যায় বুলি জনা গৈছে। অৱশ্যে লাদাখৰ সেনা হস্পিটেলৰ তৰফৰ পৰা সেনাৰ শৰীৰত এই ভয়ঙ্কৰ ক্ষত সৃষ্টিৰ আঁৰত আচল কাৰণ সম্পর্কে একো খুলি কোৱা নাই।













