
নিউজ ডেস্ক :
ৰাজীৱ গান্ধী ফাউন্ডেচনৰ উপৰি গান্ধী পৰিয়ালৰ সৈতে সঙ্গে যুক্ত আৰু দুটা ট্রাষ্টৰ বিৰুদ্ধে এইবাৰ তদন্তত নামিছে কেন্দ্র। বুধবাৰে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে জনাইছে, ৰাজীৱ গান্ধী ফাউন্ডেচন, ৰাজীৱ গান্ধী চেৰিটেবল ট্রাষ্ট আৰু ইন্দিৰা গান্ধী মেমৰিয়েল ট্রাষ্টৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগৰ তদন্ত আৰম্ভ হৈছে। তদন্তত সমন্বয়ৰ বাবে ইতিমধ্যে এক অভ্যন্তৰীণ মন্ত্রী গোটও গঠন কৰিছে কেন্দ্রই।
গৃহ মন্ত্ৰালয়ৰ সূত্রে খবৰ, আয়কৰ, বিদেশী অনুদান আইনক ফাঁকি দি কিবা দুর্নীতি হৈছে নেকি, সেয়া তদন্ত কৰি চোৱা হ’ব। তদন্তকাৰী দলৰ মুৰব্বী হ’ব এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ স্পেচিয়েল ডিৰেক্টৰ। মন্ত্ৰালয়ৰ তৰফৰ পৰা টুইট কৰিও এই কথা জনোৱা হৈছে। অর্থাৎ দেশী বা বিদেশী অনুদান লোৱাৰ ক্ষেত্রত গান্ধী পৰিয়ালৰ এই তিনি ট্রাষ্টত কিবা গণ্ডগোল বা অনিয়ম হৈছে নেকি, সেইবোৰো তদন্তৰ আওতালৈ আহিব। অৱশ্যে কংগ্রেছে আৰম্ভণিৰ পৰাই অভিযোগ অস্বীকাৰ কৰিলেও তদন্তৰ সিদ্ধান্তৰ পিছত ইয়াৰ ওপৰত কোনো প্রতিক্রিয়া জনোৱা নাই।













