
দেশত প্ৰথম ক’ৰোনা সংক্ৰমণ ধৰা পৰা ৰাজ্যখন হ’ল কেৰালা ৷ এই ৰাজ্যখনত সফলভাৱে ক’ৰোনা সংক্ৰমণ বাধা দিয়া হৈছে৷ উল্লেখ্য যে এইখন ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ৫,৮৯৪জন৷ আনহাতে মৃত্যুৰ সংখ্যা সমগ্ৰ দেশতকৈ কম৷ এই পৰ্যন্ত ২৭ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ যোৱা ২৪ ঘণ্টাত এজনো লোক ক’ৰোনাত মৃত্যু হোৱা নাই৷ কেৰালাত ক’ৰোনা নিয়ন্ত্ৰণৰ নেপথ্যত আছে কঠোৰ প্ৰশাসনিক পদক্ষেপ আৰু আৰক্ষীৰ তৎপৰতা৷ তিনিটা স্তৰত লকডাউন দিয়াৰ ফলত ৰাজ্যখনত ক’ৰোনা আক্ৰান্তৰ হাৰ কমিছে৷ বিশেষকৈ ত্ৰিশূৰ জিলাত৷ এইখন জিলাত কাৰিগৰ আৰক্ষী মহিলা বাইক বাহিনীৰ তৎপৰতা লক্ষ্যণীয়৷ এই মহিলা বাইক বাহিনী যোৱা এপ্ৰিলত গঠন কৰা হয়৷
উদ্দেশ্য হ’ল কোনোৱে লকডাউন আইন ভংগ কৰিছে নেকি তাক জিলাখনত তহল দি লক্ষ্য কৰা৷ বাহিনীৰ সদস্যাসকলক দিয়া হৈছে ৰ’য়েল এনফিল্ড বাইক৷ নজৰ ৰাখিছে কোনোৱে ক’ৰোনা বিধি ভাঙিছে নেকি৷ তাৰ লগতে লক্ষ্য কৰিছে সামাজিক দূৰত্ব ভাঙিছে নেকি৷ আনকি শিশু, মহিলা বা প্ৰৱীণ নাগৰিকক প্ৰয়োজনত সহায় কৰা৷ বাহিনীৰ সদস্যাসকলৰ মুৰত বিশেষ ৰঙৰ হেলমেট৷ মুখত মাস্ক৷ সাধাৰণ মানুহ আৰু আৰক্ষীৰ মাজত ব্যৱধান কমোৱাৰ বাবে কিছু পৰিকল্পনা কৰিছিল কেৰালা আৰক্ষীয়ে৷ তাৰ নাম দিয়া হ’ল ‘জনমৈত্রী সুৰক্ষা প্রকল্প’। তাৰ আওতাতে এই মহিলা বাহিনীয়ে ক’ৰোনা পৰিস্থিতি নজৰ দিয়ে৷
ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহেৰাই জনোৱা মতে, ক’ৰোনা মোকাবিলাত প্ৰথমৰে পৰাই সক্ৰিয় ভূমিকা লৈছে মহিলা আৰক্ষীয়ে৷ সেই কথাকে গুৰুত্ব দি এই বাইক বাহিনী গঠন কৰা হয়৷ আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহেৰাই কয়, এই বাহিনীয়ে দেখুৱাই দিলে নাৰী শক্তি কি৷ বৰ্তমানে ত্ৰিশূৰতে নহয় সমগ্ৰ ৰাজ্যতে এই বাহিনী গঠন কৰা হ’ব৷













