![]()
নিউজ ডেস্ক:
উত্তৰ প্ৰদেশ আৰক্ষীৰ ‘ম’ষ্ট ৱান্টেড’ বিকাশ ডুবে এনকাউণ্টাৰত নিহত হৈছে। আৰক্ষী সূত্ৰে এই কথা প্ৰকাশ।উল্লেখযোগ্য যে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ এটা মন্দিৰত কুখ্যাত গেংষ্টাৰ তথা কানপুৰৰ ৮ আৰক্ষীক হত্যাৰ অন্যতম অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰা হৈছিল। 
ইয়াৰ পিছত তেওঁক কানপুৰলৈ লৈ গৈ থকা অৱস্থাত তেওঁক নিয়া গাড়ীখন দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পিছতে ডুবেই আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰে। ফলত গুলীবিদ্ধ হৈ নিহত হয় বিকাশ ডুবে। আৰক্ষী সূত্ৰে এই কথা প্ৰকাশ।













