![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
এফালে ক’ৰোনাৰ আতংক, আনফালে বানৰ সংহাৰৰ মাজতে ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত আছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংত বনৰীয়া হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে যদিও ৰাজ্য চৰকাৰৰ বন বিভাগ সম্পূৰ্ণৰূপে শুই আছে৷ জিলাখনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনবসতিপূৰ্ণ অঞ্চলত প্ৰবেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰি বিস্তৰ ক্ষতিসাধন কৰে।
বন্যহস্তীৰ জাকে যেনেদৰে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, কৃষি পথাৰ বিনষ্ট কৰি সাধাৰণ ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ লগতে জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে ঠিক একেদৰে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীক এচাম চোৰাংচিকাৰীয়ে বিভিন্ন উপায়েৰে হত্যা কৰা ঘটনাও সহজলভ্য হৈ পৰিছে। কিন্তু অসহায় বনবিভাগ কিম্বা প্ৰশাসন। হাতী-মানুহৰ সংঘাত ৰুধিব নোৱাৰি যেন তাণ্ডৱলীলা দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে প্ৰশাসন।
বন ভাঙি মানুহৰ বসতি বাঢ়ি অহাৰ লগে লগে বৃদ্ধি ঘটিছে হাতী-মানুহৰ সংঘাত। জিলাখনৰ বোকাজান বন সংমণ্ডলৰ অধীনস্থ তথা বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবি অঞ্চলত বিগত কেইবামাহ ধৰি প্ৰায় ৫-১০ জনীয়া এটা বন্যহস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি দোকান-ঘৰ ভাঙি নষ্ট কৰাৰ লগতে বাৰীৰ ফচল তথা কৃষি পথাৰ নষ্ট কৰি আহিছে। নিশা হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা ওলাই আহে জনাঞ্চললৈ। যাৰ বাবে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে।
শনিবাৰে নিশা পুনৰ এক অঘটন সংঘটিত হয়। নিশা প্ৰায় ৮ বজাত ঘৰিয়ালডুবি অঞ্চলৰে বাসিন্দা ৰাজেশ যাদৱ নামৰ লোকজন ঘৰলৈ গৈ থকা অৱস্থাত মুখামুখি হয় প্ৰায় ১০ জনীয়া হাতীৰ জাকৰ। হাতীৰ জাকটো সন্মুখত দেখি ৰাজেশ যাদৱে পলাই যাবলৈ ধৰোতেই হাতীৰ জাকৰ মাজৰ এটা হাতীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত ৰাজেশ ঘটনাস্থলীতে ধলী পৰে আৰু হাতীৰ জাকটোৱেও সেই স্থান ত্যাগ কৰি অন্য দিশে গতি কৰে।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ৰাজেশক বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় আৰু তেওঁক তাতে চিকিৎসা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কেইবামাহ ধৰি বোকাজান পূৱ বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ, মাটিপুল, গুৰুংমাটি, ঘৰিয়ালডুবি, বৰমান্থী, সৰুমান্থী, খটখটি, গৌতমবস্তি আদি অঞ্চলসমূহত বৃহৎ বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ চোৰাংচিকাৰীৰ হাতটো বন্যহস্তীয়ে মৃত্যুক আকোৱালী লবলগীয়া হৈছে।
যি সময়ত বন্যহস্তী আৰু মানুহৰ সংঘাতে চৰম ৰূপ পাইছে, ভুক্তভোগী সাধাৰণ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বনবিভাগৰ শৰণাপন্ন হবলগীয়া হৈছে, সেই সময়তে বিভাগটোৰ অসহায় অৱস্থা প্ৰকট হৈ পৰিছে সৰ্বসাধাৰণ জনতাৰ ওচৰত।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বনবিভাগে বন্যহস্তী খেদিবলৈ যে অপৰাগ সেয়া জিলাখনত সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাতে প্ৰমাণ কৰে৷ জিলাখনৰ সচেতন ৰাইজে অভিযোগ কৰি কয় যে কাৰ্বি আংলং বনবিভাগৰ হাতত সৰ্বসাধাৰণ জনসাধাৰণক বন্যহস্তীৰ পৰা ৰক্ষা কৰিব পৰাকৈ তথা চোৰাংচিকাৰীৰ হাতৰ পৰাও এই অবুজ প্ৰাণীটোক ৰক্ষা কৰিবলৈ কোনো আধুনিক অস্ত্ৰ-শস্ত্ৰ নাই, যাৰবাবে এই বন্যহস্তী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ লগতে নিৰীহ গঞাঁৰ জীৱন আৰু সম্পত্তিৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে।













