![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা সাহিত্য সভা ডিফু সাহিত্য সভাৰ উদ্যোগত যোৱা ৪ জুলাইৰ দিনা ৱেবিনাৰ জৰিয়তে “কবিতাৰ এদিন” শীর্ষক কবি সন্মিলনৰ সফল আয়োজন কৰাৰ পাছত কালি দ্বিতীয় খণ্ডৰ কবিতা সন্মিলনৰ অনুষ্ঠিত কৰা হয়। ডিফু সাহিত্য সভাৰ সভাপতি, অসমীয়া সাহিত্যৰ বিশিষ্ট উপন্যাসিক অজিত ছিংনাৰে সঞ্চালনা কৰা কবিতা সন্মিলনত সম্পাদক প্ৰফুল্ল মহন্তই কবি সকলক আদৰণি জনাই।
দ্বিতীয় খণ্ডৰ কবিতাৰ এদিন অনুষ্ঠানত কাৰবি ভাষাৰ ওপৰিও অসমীয়া কাব্য জগতত সুনাম অৰ্জন কৰা কেবা গৰাকীও কবিয়ে অংশ গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ একনিষ্ঠ কর্মী, বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপি, ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেব, সম্পাদিকা কামিনী বড়ো, কাৰবি আৰু অসমীয়া ভাষাৰ বিশিষ্টা কবি নিৰলা ইংহিপী, বিউটী টকবিপী, মেৰী লাহন, প্রবীন কবি খৰছিং ইংতি, দেবেন কাকতি, বিদ্যুৎ বিভাগৰ ডিফু উপ সংমণ্ডলৰ বিষয়া, বিশিষ্ট কবি কিৰণ গগৈ, উদীয়মান কবি ৰশ্মিৰিয়া গগৈ, বিশিষ্ট কবি-সাহিত্যিক ভৱপ্রসাদ দেউৰী আৰু অশোক ঠাকুৰ আদি কবিসকলে দুটাকৈ স্বৰচিত কবিতা পাঠ কৰে।
বিশ্বজোৰা আতংক সৃষ্টিকাৰী কৰণা মহামাৰীৰ বাবে লকডাউন চলি থকাৰ বাবে এটা নিৰ্দিষ্ট ঠাইত সমৱেত হৈ কবিতা, গল্প, প্রবন্ধ অথবা সাহিত্যৰ অন্যান্য দিশৰ ওপৰত আলোচনা কৰাটো সম্ভৱ নোহোৱাৰ ফলত আধুনিক তথ্য প্ৰযুক্তিৰ উপহাৰ ৱেবিনাৰ জৰিয়তে ডিফু সাহিত্য সভাৰ উদ্যোগত দ্বিতীয় খণ্ডৰ কবিতাৰ এদিন অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানীয় সংস্থা সাহিত্য অকাডেমী আৰু অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভায়ো এনেধৰণৰ অনুৰূপ অনুষ্ঠানৰ আয়োজন ইতিমধ্যে কৰি আছে।
অসম সাহিত্য সভাই যোৱা ৭ মার্চত আংশিক কার্যনিবাহক সভা অনুষ্ঠিত কৰি পাছৰ পৰ্যায়ত জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকৰ সকলৰ সৈতে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ড০ কুলধৰ শইকীয়া আৰু সম্পাদক প্রধান যাদৱ শৰ্মাৰ মত-বিনিময় অনুষ্ঠান আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যনিবাহক সভা ইতিমধ্যে সফলভাৱে অনুষ্ঠিত কৰিছে।
বর্তমানৰ অত্যাধুনিক তথ্য প্ৰযুক্তিৰ এই যুগত আমিও এই তথ্য প্ৰযুক্তিৰ সহায়ত আমাৰ পাহাৰীয়া জিলাখনৰ ভাষা-সাহিত্য, সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ হকে আত্মনিয়োগ কৰিব লাগিব। অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱনত দ্বিতীয় বাৰৰ বাবে আঞ্চলিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিয়েই সাহিত্য সূর্য লুম্মেৰ দাই জন্মদিন, ড৹ নির্মল প্রভা বৰদলৈৰ স্মৃতি দিৱস, বিশ্ব পৰিৱেশ দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, ২৯ জুনত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা কাৰবি ভাষা সাহিত্যৰ কাণ্ডাৰী লংকাম টেৰণৰ স্মৃতি দিৱস, ৮ জুলাইত ভাষা শ্বহীদ সূৰ্য্য বৰা আৰু মফিজুদ্দিন আহমেদ হাজৰিকালৈ শ্রদ্বাঞ্জলী অনুষ্ঠান আৰু কালি অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱিকা, ডিমাছা আৰু অসমীয়া ভাষাৰ অভিধান প্ৰণেতা বিশিষ্ট সাহিত্যিক নিৰুপমা হাগজেৰৰ দশম মৃত্যু দিৱস অনুষ্ঠান ইতিমধ্যে সফলতাৰে উদযাপন কৰা হৈছে।
কাৰবি আংলং জিলা সাহিত্য সভা আৰু পশ্চিম কাৰবি আংলং জিলা সাহিত্য সভাই এইধৰণৰ অনুষ্ঠান আয়োজনৰ বাবে গুণাগথা কৰি থাকোতেই অসম সাহিত্য সভাৰ এটা অন্যতম সক্ৰিয় শাখা ডিফু সাহিত্য সভাই কাৰবি আংলঙৰ নবীন-প্রবীন স্বনামধন্য কবি সকলক লৈ দ্বিতীয় বাৰৰ বাবে এনেধৰণৰ কবি সন্মিলনৰ কাৰ্যসূচীৰ সফল আয়োজন কৰি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক হিছাপে জয়ছিং টকবীয়ে ডিফু সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই অনুষ্ঠানতো উদ্বোধক ৰূপে অংশগ্ৰহণ কৰিবলৈ সম্পাদক হিছাপে জয়ছিং টকবীয়ে অতিকে আনন্দিত হৈছে বুলি জনাইছে ।













