![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
বিশ্বজুৰি অব্যাহত থকা ক’ৰোনা ভাইৰাছ বিৰুদ্ধে থকা ঐক্যবদ্ধ যুঁজখনত সকলোয়ে শ্ৰেষ্টখিনি উজাৰি দিছে ৷ এই সন্দৰ্ভত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছ’চিয়েল মেডিয়াযোগে এক ভিডিঅ বাৰ্তা প্ৰেৰণ কৰিছে ৷
বাৰ্তাটোত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কৰ’নাৰ যুঁজখনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাৰ সফল নেতৃত্বত এই ক্ষেত্ৰত এক সুফল লাভ কৰিছে বুলি নেতাদ্ধয়ক প্ৰশংসা কৰে ৷
আনহাতে কাৰবি আংলঙত দৈনিক ক’ভিড ১৯ ৰ গণ সংক্ৰমণ বৃদ্ধি হৈ অহাত উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পাহাৰীয়া জিলাখনৰ প্ৰতিজন ব্যক্তিক ১৪ দিনৰ বাবে স্বয়ং কোৱাৰেণ্টাইন হবলৈ আহ্বান জনায় ৷
সেয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে সকলোকে নিয়মিত ভাবে হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা আৰু সদায় মাস্ক পৰিধান কৰাৰ বাবে অাহ্বান জনায় ৷ ইয়াৰোপৰি সকলোয়ে ঐক্যবদ্ধভাবে যুঁজিলে কৰ’নাৰ বিৰুদ্ধে যুঁজখনত সফল হব পাৰিব বুলি আশা ব্যক্ত কৰে নেতা গৰাকীয়ে ৷












