![]()
নিউজ ডেস্ক:
মহিলা গ্ৰাহকক হত্যা কৰি শৱদেহৰ সৈতে সংগমত লিপ্ত হ’ল মুম্বাইৰ এজন দোকানী৷ যোৱা ২৬ জুনত দেশৰ বাণিজ্যিক ৰাজধানীত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে লোকজনৰ এখন খেলা সামগ্ৰীৰ দোকান আছে৷ উল্লেখ্য যে ঘটনাৰ দুদিনৰ পিছত অৰ্থাৎ ২৮ জুনত মুম্বাইৰ চন্দন চ’কৰ কাষত এখন পিকআপ ভানৰ ভিতৰৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
এই জঘন্য ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ নালাছোপাৰাত৷ প্ৰাপ্ত তথ্য মতে যোৱা ২৬ জুনত ৩২ বছৰীয়া এগৰাকী মহিলা ঘৰৰ পৰা আহি নিজ সন্তানৰ বাবে খেলা সামগ্ৰী ক্ৰয় কৰিবলৈ সেই লোকজনৰ দোকানত প্ৰৱেশ কৰিছিল৷ তাৰ পিছৰ পৰাই মহিলাগৰাকী নিৰুদ্দেশ হৈ আছিল৷ মহিলাগৰাকী নিৰুদ্দেশ হোৱাত মহিলাগৰাকী স্বামীয়ে তুলিং আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে৷
ইপিনে ঘটনাৰ দুদিনৰ পিছত, ২৮ জুনত মুম্বাইৰ চন্দন চ’কৰ কাষত এখন পিকআপ ভানৰ ভিতৰৰ পৰা মহিলাগৰাকীৰ শৱদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছত পালঘৰ ক্রাইম ব্রাঞ্চে প্ৰাথমিক তদন্তত ধৰা পেলায় সেই ভয়ংকৰ ঘটনা। মহিলাক হত্যাৰ আগত আৰু পিছত ধর্ষণৰ প্রমাণ পাই তদন্তকাৰীয়ে৷ আনহাতে সমগ্ৰ এলেকাৰ চিচিটিভি ফুটেজ সুক্ষ্মভাৱে নিৰিক্ষণ কৰে তদন্তকাৰীয়ে৷ তদন্তকাৰী লোকে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত পিকআপ ভানৰ মালিকক সোধ-পোছ কৰে।
গাড়ীৰ মালিক ঘটনাৰ সৈতে যুক্ত থকাৰ বিষয়টো অস্বীকাৰ কৰি দাবী কৰে যে বহু দিনৰ পৰাই তেওঁ চন্দন চ’কত গাড়ীখন পার্ক কৰি থৈছিল৷ তাৰ পিছত আৰক্ষীয়ে জানিব পাৰিলে, ২৬ জুনত এজন দোকানীৰ সৈতে খেলাৰ সামগ্ৰী দৰদাম লৈ সেই মহিলাগৰাকীৰ তৰ্ক হৈছিল৷ সেই সময়ত দোকানীয়ে সেই মহিলাগৰাকীক চুলিত ধৰি দোকানৰ পিছফালে এটা ঘৰলৈ লৈ যায়।
তাতে মাৰধৰ কৰি ধর্ষণ কৰে মহিলাগৰাকীক৷ ইয়াৰ পিছত হত্যা কৰি মহিলাগৰাকীক পুণনৰ ধৰ্ষণ কৰে৷ ওৰে নিশা মৃতদেহৰ সৈতে আছিল অভিযুক্ত। মহিলাৰ দেহ এখন ক’লা তিৰপালেৰে ঢাকি ৰাখে হত্যাকাৰীয়ে৷ ইতিমধ্যে দোকানীটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ মুম্বাইৰ এই ঘটনাই সকলোৰে মনলৈ আনিছে হায়দৰাবাদৰ পশু চিকিৎসকক গণধর্ষণ কৰি জ্বলাই হত্যা কৰাৰ সেই ঘটনা।
যোৱা বছৰ নৱেম্বৰ মাহত সেই পশু চিকিৎসকৰ বাইকৰ টায়াৰ ফুটাইছিল অভিযুক্তই৷ তাৰ পিছত এটা কালভার্টৰ তলত পশু চিকিৎসক গৰাকীক ধর্ষণ কৰি হত্যা কৰে ৪ নৰপিকাশে৷ প্ৰাপ্ত তথ্য মতে ক’ল্ড ড্রিংকছত মদ মিহলাই বলপূৰ্বকভাৱে খুৱাইছিল সেই কিশোৰীগৰাকীক৷ ধর্ষণ কৰি হত্যা কৰাৰ পিছত শৱদেহ জ্বলাবলৈ তেওঁৰ স্কুটাৰ জ্বলোৱা হৈছিল৷ গ্রেপ্তাৰৰ পিছত অৱশ্যে পলোৱাৰ চেষ্টা কৰোতে সেই ধর্ষণকাণ্ডৰ স্থানৰ কাষতেই এনকাউণ্টাৰত মৃত্যু হয় চাৰি অভিযুক্তৰ৷ মুম্বাইৰ ঘটনাত অভিযুক্তক কঠোৰ শাস্তিৰ দাবী কৰিছে বিভিন্নজনে৷













