
বিশেষ প্ৰতিবেদন :
“ছাৰ জি জৰা ৰুকিয়ে, থোড়া পাবজি খেলকে আতে হ্যায়।” এয়াই আছিল শেষ কথা। তাৰ পিছত উভতিল ঠিকই, কিন্তু ক্ষতবিক্ষত শৰীৰে ৰক্তেৰে ৰঞ্জিত মৃতদেহ হৈ। পৰৱৰ্তী দিনা বিশ্বই জানিলে, চীনা সেনাৰ আক্ৰমণত ২০ জন ভাৰতীয় সেনা ছহিদ হৈছে। কিন্তু বিশ্বই তাৰ পিছতো জানিবলৈ বাকী আছিল ‘পাঞ্জাব কা পুত্তৰ’ৰ দুঃসাহসিক বীৰগাথা।
বহুতেই নাজানে, অকলেই ১২ জন চীনা সেনাক খতম কৰিছিল ২৩ বছৰীয়া গুৰতেজ সিঙে। তেওঁৰ নিজৰ যুদ্ধ আছিল আঠ ঘণ্টাৰো বেছি। শেষ নিঃশ্বাস পর্যন্ত সিংহ বিক্রমেৰে যুঁজি গৈছিল ‘ঘাতক’ ফৰ্চৰ এইগৰাকী কমান্ডোৱে।
প্রত্যক্ষদর্শী ১৬ নম্বৰ বিহাৰ ৰেজিমেন্টৰ জোৱানসকলে কয়, ১৫ জুনৰ নিশা ১০টাৰ পিছত যেন ধুমুহা হৈছিল গালৱান উপত্যকাত। ধুমুহাত উৰি গৈছিল ১৪ নম্বৰ পেট্রলিং পয়ন্টেৰ কাষত থকা চীনা সেনা শিবিৰৰ দুটি তম্বু। ধুমুহাৰ নাম আছিল গুৰতেজ সিং। লাডাখৰ লেহত হস্পিটেলৰ বেডত শুই থকা আঘাতপ্ৰাপ্ত বহু কেইজন জোৱানে কৈছিল, এটা ৬ ফুট তিনি ইঞ্চিৰ সৰু ল’ৰাৰ ক্ষমতা দেখি স্তম্ভিত হৈ গৈছে পিএলএৰ সেনা। গুৰুতৰ পৰিস্থিতিৰ আশঙ্কাত নিৰ্বাচিত ঘাতক প্লেটুনৰ কমান্ডোসকলক পূৰ্বৰ পৰাই গালৱানত মোতায়েন কৰিছিল ভাৰতীয় সেনাবাহিনীয়ে।
সেই নিশা বর্ডাৰ ইনস্পেকচন টিমৰ প্রধান কর্নেল বি সন্তোষ বাবু, চিপাহী পালনিয়াপ্পানসহ তিনজনক বিনা প্রৰোচনাত আক্ৰমণ চলাই হত্যা কৰে পিএলএই। বিহাৰ ৰেজিমেন্টৰ ৪০ৰ পৰা ৫০ জন জোৱানৰ বিৰুদ্ধে চিৎকাৰ কৰি কৰি কাঁটা থকা ৰড, শেল, শিল লৈ জঁপিয়াই পৰিছিল সংখ্যাত চাৰি গুণ অধিক চীনা সেনা। এই অসমান যুদ্ধত নিহত হয় বীৰভূমৰ বাসিন্দা ৰাজেশ অংগৰাওসহ বহু কেইজন। তেতিয়াই খবৰ যায় ফৰৱার্ড পোস্টলৈ। প্রাথমিক আঘাত চম্ভালি উঠি প্রায় ডেৰ কিলোমিটাৰ দৌৰি আহি প্ৰত্যাক্ৰমনত লিপ্ত হয় কমান্ডো ফৰ্চ।

কেনে আছিল সেই আঘাত? চীনা সেনাসকলৰ মাজত নিজৰ শৰীৰটোক বুলেটৰ দৰে এৰি দিছিল গুৰতেজে। অন্ধকাৰত চকুৰ পলকতে শেল, ৰড লৈ জঁপিয়াই পৰিছিল তেওঁ। একো একোটা কোব আৰু লাথিত পাহাৰৰ খাঁজৰ পৰা ছিটিকি পৰিছিল শত্ৰু। এটাৰ পিছত আন এটাকৈ চাৰিজনক হাত ভাঙি, হাৰ মুচৰি মাৰাৰ পিছত এটা সময়ত বাঁও হাতৰ দুই-তিনিটা আঙুলি ভাঙি যায় গুৰতেজৰ। তেতিয়া এজন চীনা সেনাই শিল এটা দাঙি লৈ মাৰিবলৈ দৌৰি আহি তেওঁক। গুৰতেজে তাৰ শৰীৰত ভৰাই দিয়ে চাৰি ফুট লোহাৰ ৰড। আৰু এজন বুকুতো বহাই দিয়ে শেল।
দুই শত্রু সেনাৰ নিথৰ শৰীৰ বহু ওপৰৰ পৰা ছিটিকি পৰে তলত। ফলত দুয়োটা অস্ত্রই হাতৰ পৰা গুচি যায় গুরতেজৰ। তেনে সময়তে কোনোবা এজনে আঙুলি ভাঙি বাঁও হাতখন মোচৰে। তেতিয়া কঁকালত গোঁজা সৰু কৃপাণখন লৈয়েই সোঁ হাতেৰে শত্রুৰ ডিঙি, মুখ, চকোটি কোবাই থাকে একেলেথাৰিয়ে। কিন্তু কেতিয়া শত্রুপক্ষই পিছফালৰ পৰা আক্ৰমণ চলাই লোহাৰ কাঁটা থকা ৰড পিঠিত বহাই ইপাৰ সিপাৰে উলিয়াই দিয়ে টলকিবই নোৱাৰিলে।
মাইনাছ তাপমাত্রাত সেই ৰক্ত গোট মাৰিছিল শৰীৰৰ বাহিৰত। তেতিয়াও ৪-৫ জন চীনা সেনাই মিলি শিলৰ দেৱালত হেঁচি ধৰি গুৰতেজৰ মুখত ঘুছিয়াই গৈছিল। দুর্বোধ্য ভাষাত গালি-গালাজ কৰিছিল। কিন্তু প্রবল শক্তিৰ আটাই কেইটাকে জপতিয়াই ধৰি ওখ পাহাৰৰ খাঁজৰ পৰা তললৈ জাঁপ মাৰে আঘাতপ্ৰাপ্ত গুৰতেজে। শেষ চেষ্টা। সকলোকে মাৰি মৰিব বিচাৰে তেওঁ। সেয়াই হ’ল। এশ ফুট ওখৰ পৰা শিলত খুন্দা খাই সকলোকে লৈ গালৱানৰ গিৰিখাতত আচাৰ খাই পৰে তেওঁ। শেষবাৰৰ বাবে চকু মুদাৰ পূৰ্বে নিশ্চিত হ’ল, হয় শত্রু খতম।













