![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ ওচৰত দুদুকলনিত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্থ সকললৈ সাময়িক সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে লাহৰিজান বজাৰ এছ’চিয়ছনে৷
উল্লেখযোগ্য যে, কাৰবি আংলং জিলাৰ লাহৰিজান দুদুকলনি টিলাবস্তিত যোৱা ৭ জুলাইত দিনৰ ১২-৪৫ মান বজাত এক বিধংসী অগ্নিকাণ্ড সংঘটিত হৈ ৫০০ ৰো অধিক ঘৰ ভস্মীভুত হোৱাৰ লগতে এজনী কনমানী ৪ বছৰীয়া শিশু কণ্যা জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল ।

এনে সময়ত ভোক্তভোগী পৰিয়াল সকলক সেই দিনাৰ পৰা লাহৰিজান বাজাৰ এচেছিয়েছনৰ সমূহ বিষয় ববীয়া সকলে অহৰহ কষ্ট কৰি সংকটৰ সময়ত ভুক্তভোগী পৰিয়াল সকলৰ লগত আছে।
সেই মৰ্মে লাহৰিজান বজাৰ এচেছিয়েছনৰ উপদেষ্টা টনি সিং, সভাপতি খলিলুৰ তালুকদাৰ উপ সভাপতিদ্বয় বিৰেন্দৰ ৰায় আৰু নিজাম উদ্দিন, সম্পাদক হাদিছ মনছুৰী সহঃ সম্পাদক ফাৰুখ শ্বেখ , গোলাপ মনছুৰী আজাদ সিং লস্কৰ লগতে অনান্য সদস্য সকলৰ সহযোগিতাত ৪০ টা পৰিয়ালক ১৪ পিছ কৈ টিনপাত লগতে ৪৫ টা পৰিয়ালক ১৮ ডাল বাহঁ আৰু নিহত শিশু গৰাকীৰ পিতৃ ওৱাইজুল হকক নগদ ৫ পাচ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে I
ইয়াৰোপৰি লাহৰিজান লাইফ ফাণ্ডেচনৰ NGO ৰ সমূহ সদস্য উপস্তিত থাকি সহযোগিতা আহৃগবঢ়াইছে ।লাহৰিজান বজাৰ এছ’চিয়েছনে এনে সংকটৰ সময়ত এনে পদক্ষেপক ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয়লোকে উচ্চ প্ৰশংসা কৰাৰ লগতে শলাগ লৈছে ৷ সকলে নথৈ আনন্দিত হৈছে ।













