
নিউজ ডেস্ক :
আমেৰিকাত পৃথিবীৰ ভিতৰতে সকলোতকৈ বেছি কোভিড পৰীক্ষা হৈছে আৰু সেই কাৰণেই আক্রান্তেৰ সংখ্যা বেছি দেখাইছে বুলি জনালে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। চীন, ৰাছিয়া, ভাৰত, ব্রাজিল কোনো দেশেই ইমান বেছি পৰীক্ষা কৰা নাই যি মার্কিন যুক্তৰাষ্ট্রই কৰিছে বুলি মন্তব্য কৰে ট্ৰাম্পে। হোৱাইট হাউছৰ ঘূৰণীয়া মেজমেলত লগতে তেওঁ জনায়, কৰোনা ভাইৰাছ অক্রান্তৰ মৃত্যু হাৰ সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকাত সকলোতকৈ কম। এই পর্যন্ত মার্কিন যুক্তৰাষ্ট্রত ৩৪ লাখ লোক কোভিড–১৯ সংক্রমণত আক্রান্ত হৈছে আৰু মৃত্যু হৈছে ১ লক্ষ ৩৭ হাজাৰ ৰোগীৰ।
সংক্রামিতৰ সংখ্যা ইমান বেছি হোৱাৰ কাৰণ হিচাপে ট্ৰাম্পে কয়, ”আমি যে সকলোতকৈ বেছি পৰীক্ষা কৰিছোঁ। যেতিয়াই আপুনি পৰীক্ষা কৰিব তেতিয়াই সংক্রমিতৰ সংখ্যা বাঢ়ি যাব। মই আপোনালোকক ক’ব পাৰো বহু দেশ আছে, য’ত কোনো অসুস্থ হৈ হস্পিটেললৈ বা চিকিৎসকৰ ওচৰলৈ অহাতহে তেওঁলোকৰ পৰীক্ষা কৰা হৈছে। সেই কাৰণেই তেওঁলোকৰ দেশত সংক্রমিতৰ সংখ্যা কম। অন্যহাতে, আমাৰ দেশত সংক্রমিত সংখ্যা ইমান বেছি।”
আনহাতে, মার্কিন যুক্তৰাষ্ট্রত কোভিড–১৯ সংক্রমণত মৃত্যু হাৰ সকলোতকৈ কম বুলি জনাই ট্ৰাম্পে কয়, ”আমি উৎকৃষ্ট কাম কৰিছোঁ। ভেকচিনৰ ক্ষেত্ৰত আমি অত্যন্ত ভাল কাম কৰিছোঁ, চিকিৎসাৰ ক্ষেত্ৰত ভাল ভাল কাম কৰিছোঁ। মোৰ ভাব হৈছে আৰু কিছুদিনৰ ভিতৰতেই আমি অত্যন্ত ভাল কিবা খবৰ পাবলৈ আগবাঢ়িছোঁ।”













