
নিউজ ডেস্ক :
১৭ জুলাইত ৰাষ্ট্ৰসংঘত (United Nation) গুৰুত্বপূর্ণ বক্তৃতা দিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি টিএস তীৰুমূর্তিয়ে জনায় যে, UN-ৰ ৭৫তম বার্ষিকীত নিউইউর্কত হোৱা এই অনুষ্ঠানত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এটা ভার্চুয়েল সম্বোধন কৰিব। ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত (United Nations Security Council) ভাৰতৰ (India) জয়ৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (narendra modi) এইটোৱেই প্রথম ভাষণ হ’ব। ইয়াৰ আগত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰসংঘৰ মহাসভাত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সম্বোধন কৰিছিল। তেতিয়া তেওঁ আন্তর্জাতিক মঞ্চত সন্ত্রাসবাদৰ বিৰুদ্ধে একগোট হোৱাৰ বাবে সকলোকে আহ্বান জনাইছিল ৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শেষবাৰ যুক্তৰাষ্ট্রত ভাষণ দি UN-ক আৰু ডাঙৰ কৰাৰ কথা কয় । প্রধানমন্ত্রী মোদী কৈছিল UNৰ দৰে সংগঠন থকাৰ পিছতো বহুত সংগঠন হৈ গৈছে । ভাৰত সেই সংগঠনৰ অংশ কিন্তু আটাইতকৈ ভাল হ’ব পৃথক সংগঠনৰ পৰিৱৰ্তে এইটোকে ডাঙৰ কৰা হওক ৷
উল্লেখযোগ্যযে, ভাৰত ব্যাপক ভোটত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত জয় হৈছিল । এছিয়া পেচিফিক দেশসমূহৰ তৰফৰ পৰা সমর্থিত প্রার্থী ভাৰত সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্যতাৰ বাবে ১৯২টাৰ ভিতৰত ১৮৪টা ভোট পাইছিল। ভাৰতৰ সৈতে নৰওয়ে, আয়াৰলেণ্ড আৰু মেক্সিকো জানুৱাৰী ২০২১ত আগন্তুক দুই বছৰৰ বাবে সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্যৰূপে নির্বাচিত হৈছিল। এইলৈ আঠবাৰ ভাৰত সুৰক্ষা পৰিষদৰ সদস্যতাৰ বাবে নির্বাচিত হ’ল।













