
নিউজ ডেস্ক :
ফোনত কথা পাতিলে চকুৰ আগত জীৱন্ত হৈ উঠিব মানুহ৷ এনে এক চমক দিব ৰিলায়েন্স জিঅ’ই৷ এইবাৰ ৰিলায়েন্স জিঅ’ই ঘোষণা কৰিলে অহা বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব ৫জি নেটৱৰ্ক ব্যৱহাৰ ৷ লগতে ৰিলায়েন্স জিঅ’ই এখন বিশেষ চশমা উলিয়াইছে৷ যিখন ফোনৰ লগত সংযুক্ত কৰি কথা ক’লে ফোনৰ ওপৰত থকা ব্যক্তি চকুৰ সন্মুখত দেখাৰ দৰে হ’ব৷ বুধবাৰে ৰিলায়েন্স জিঅ’ৰ ৪৩তম বাৰ্ষিক সাধাৰণ সভাত এই কথা প্ৰকাশ কৰে৷
উল্লেখ্য যে কিছুদিনৰ আগতে জিঅ’ত বিনিয়োগৰ কথা ঘোষণা কৰিছিল ফেচবুকে৷ এইবাৰ জিঅ’ প্লেটফৰ্মত ৩৩৭৩৭ কোটি টকা বিনিয়োগ কৰিছে গুগলে৷ ৰিলায়েন্স ইন্ড্ৰাষ্টিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে জনায় যে, জিঅ’ প্লেটফৰ্মৰ ৭.৭ শতাংশ শ্বেয়াৰৰ মালিক হৈছে গুগল৷ যোৱা এপ্ৰিলত ফেচবুকে জিঅ’ৰ ৯.৯৯ শতাংশ শ্বেয়াৰ কিনিছিল৷ অহা বছৰ ভাৰতে ৫জি নেটৱৰ্ক ব্যৱহাৰ আৰম্ভ কৰিব পাৰিব বুলি জনিয় মুকেশ আম্বানিয়ে৷
তেওঁ লগতে কয়, জিঅ’ই দেশত নিজস্ব ফাইট জি টেলিকম ছলিউচন তৈয়াৰ কৰিব৷ অহা বছৰৰ ভিতৰত ই ব্যৱহাৰ যোগ্য হৈ উঠিব৷ লগতে তেওঁ কয়, স্পেকট্রাম পাই গ’লে অহা বছৰৰ পৰা ভাৰতে ৫ জি পৰিসেৱা পাব৷ বুধবাৰে অত্যাধুনিক জিঅ’ গ্লাছৰ ঘোষণা কৰে আম্বানিৰ পৰিয়ালে৷ তেওঁলোকৰ তৰফৰ পৰা জনায় যে এই গ্লাছ বা চশমা ব্যৱহাৰ কৰিলে ফোনৰ ওপৰত মানুহ চকুৰ আগত জীৱন্ত হৈ উঠিব৷ ত্রিমাত্রিক প্লেটফৰ্ম অৰ্থাৎ থ্ৰী ডাইমেনছন চাট কৰা হ’ব৷
ভিডিঅ’ কনফাৰেন্সৰ সৈতে মিলি যাব ভাৰচুৱেল বিশ্ব৷ ইয়াৰ ওজন ৭৫ গ্ৰাম৷ কেবোলৰ জৰিয়তে ম’বাইল ফোনৰ সৈতে সংযোগ কৰা যাব এই গ্লাছ৷ প্ৰকৃততে ২৫টা এপ ছাপৰ্ট কৰা হ’ব৷ জিঅ’ গ্লাছৰ আন এটা ডাঙৰ সুবিধা হ’ল অনলাইন ক্লাছত বিশেষভাৱে সহায় কৰিব৷ যিহেতু হাই-ডেফিনেচন ৪কে স্ক্ৰীণ ৰাখি জিঅ’ গ্লাছত সকলো চকুৰ আগত ৰ’ব বা ঘটিব৷ ফলত প্ৰেকটিকেল ক্লাছটোত সহায় হ’ব৷ সকলো মিলি বুধবাৰে এক যুগান্তৰকাৰী ঘোষণা কৰি দেশবাসীক এক নতুনত্ব দিলে আম্বানিয়ে৷













