
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু :
পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ক্ৰমান্বয়ে বৃদ্ধি পাই গৈয়েই আছে ক’ৰোনাৰ গণ সংক্ৰমণ ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেইবাজনো ইএম, এমএচি, মুখ্যকাৰ্যবাহী তুলিৰাম ৰংহাঙৰ পত্নী-পুত্ৰ লগতে কেইবাজনো কৃষি বিষয়া ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ৰামছিঙ হাঞ্চেৰ ক’ৰোনাক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত জিলাখনত এক আতংকময় পৰিৱেশ সৃষ্টি হৈছিল ৷
ইয়াৰ মাজতে ডিফু আদালত চৌহদতো এজন কেণ্টিনৰ মালিকৰ লগতে যোৱা কালি লংচ’দৰ কাথাৰ নামৰ চিকিৎসক এজন ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছিল৷ আজি পুনৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ডা° হাবে টেৰণৰ লগতে আন ৪ গৰাকী স্বাস্থ্যকৰ্মীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাত চহৰখনত হাহাকাৰ সৃষ্টি হয় ৷ ক’ৰোনাক্ৰান্ত কেইজন হ’ল ক্ৰমে- বুলেন ভৰালী, প্ৰদীক কুমাৰ সিং, লিচা ৰংপিপী আৰু ইন্দ্ৰলীন পাটৰ ৷













