![]()
নিউজ ডেস্ক :
ৰাজস্থানৰ ৰাজনৈতিক সংকত সমাধানৰ বাবে আগবাঢ়ি আহিল ৰাহুল গান্ধী৷ ‘বিদ্রোহী’ শচীন পাইলটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু উপ-মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিছিল৷ তাৰ প্ৰায় ২৪ ঘণ্টাৰ পাছত বুধবাৰে শচীন পাইলটলৈ ৰাহুল গান্ধীয়ে বাৰ্তা প্ৰেৰণ কৰি ক’লে যে তেওঁৰ বাবে দোৱাৰ খোলা ৷
ইয়াকে লৈ ৰাজস্থান কংগ্ৰেছত আনটো পক্ষ অশোক গেহলটক দলে সতৰ্ক কৰি দিলে ৷ গেহলটক মুখ বন্ধ কৰিবলৈ কোৱা হৈছে৷ অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ যুঁজখন যোৱা কিছুদিন ধৰি চলি আছে ৷ ফলত ৰাজস্থানত কংগ্ৰেছৰ ৰাজনীতি উত্তপ্ত হৈ আছে৷ নিজে দল এৰাৰ আগেয়ে মঙলবাৰে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা শচীন পাইলটক অপসাৰণ কৰা হৈছিল ৷ লগতে তেওঁৰ দুই ঘনিষ্ঠ মন্ত্ৰীক অপসাৰণ কৰা হৈছিল৷ গৃহ যুদ্ধৰ জুই দাউদাউকৈ জ্বলিছিল ৷

তেনে সময়তে শচীন পাইলটক দললৈ ঘুৰাই অনাৰ চেষ্টাত নামিল ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীয়ে শচীন পাইলটলৈ বাৰ্তা প্ৰেৰণ কৰিলে ৷ ৰাহুল গান্ধীয়ে কয়, তেওঁ (ৰাহুল গান্ধী) দলৰ এজন সদস্য৷ শচীন পাইলটৰ বাবে দলৰ দোৱাৰ সদায় খোলা আছে৷ ইয়াকে লৈ নৰম পন্থা অৱলম্বন কৰিছে কংগ্ৰেছে ৷
তদুপৰি, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক দলৰ তৰফৰ পৰা সতৰ্ক কৰি দিছে যাতে তেওঁৰ মুখত লেকাম লগায় ৷ ৰাইজৰ আগত ৰাজনৈতিক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ গেহলটক নিৰ্দেশ দিয়া হৈছে৷ কংগ্ৰেছৰ সূত্ৰত পোৱা খবৰ মতে গেহলটৰ কৰ্মকাণ্ডত হাইকমাণ্ড ক্ষুব্ধ৷ সেয়ে সতৰ্ক কৰা হৈছে ৷













