বিশেষ প্ৰতিবেদন:
বিশ্বাসে মিলয় হৰি তর্কে বহু দূৰ। ক’ৰোনাতঙ্কত কঁপিছে সমগ্ৰ দেশ। কিন্তু শতৰুৰ মুখত ছাই সানি ক’ৰোনা ভাইৰাছৰ আক্রমণৰ পৰা সুস্থ শৰীৰে আছে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ। জনঘনত্ব কম। দুর্গম এলেকা বুলি গণ পৰিবহণ ব্যৱস্থাও যথেষ্ট নহয়। কিন্তু আইচিএমআৰৰ তথ্য অনুযায়ী মেঘালয়, মণিপুৰ, নাগালেণ্ড বা অসমত ক’ৰোনা সংক্রমণ দেশৰ ভিতৰত সকলোতকৈ কম। মৃত্যু আৰু কম। কিয় এনে ঘটনা? ৰহস্য কি?
উত্তৰ-পূর্বাঞ্চলৰ আদিবাসী আৰু জনজাতিসকলৰ অন্যতম প্রিয় ৰেচিপি ‘শুকান মাছ’। মেলেৰিয়া ৰোধৰ অন্যতম নিদান শুকান মাছ। পুথিমাছ এটা পাত্রত তেল-হালধি সানি মুখ বন্ধ কৰি কেইবা মাহো মাটিৰ তলত ৰখা হয়। চাৰিৰ পৰা ছমাহ পিছত সেই মাছৰ বিভিন্ন খাদ্য খোৱা হয়। এই ৰেচিপি যিমানেই সুস্বাদু সিমানেই অবিশ্বাস্য ইয়াৰ মেলেৰিয়া ৰোধৰ ক্ষমতা।
অসমৰ কার্বি-আংলঙ মেলেৰিয়া অধ্যুষিত এলেকা। তাত অত্যন্ত জনপ্রিয় খাদ্য শুকান মাছ। ঘৰৰ পৰা হোটেল সর্বত্র পোৱা যায়। আনকি, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰামতো প্রিয়-ডিছ শুকান মাছ। উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যৰ অধিকাংশ বাসিন্দাৰ বিশ্বাস শুকান মাছ যেনেদৰে মেলেৰিয়াৰ যম, তেনেদৰে বিগত কেইবা মাহ ধৰি কোভিড-১৯ ভাইৰাছ সংক্রমণ ৰুধিছে শুকান মাছে।
আইচিএমআৰৰ তথ্যই কৈছে, নাগালেণ্ড-মিজোৰামত এই পর্যন্ত যথাক্রমে ২৩৮ আৰু ৮৯৬ জন কোভিড আক্রান্ত হৈছে। কিন্তু এজনৰো ক’ৰোনা সংক্রমণত মৃত্যু হোৱা নাই। চাৰি মাহত মেঘালয়ত আক্রান্ত হৈছে ৩১৮ জন। সুস্থ হৈছে ৬৬ জন। মৃত্যু হৈছে মাত্র দুজন। আনহাতে অৰুণাচল প্রদেশত মুঠ আক্রান্ত ৪৬২ জন। ইয়াৰ ভিতৰত সুস্থ হৈছে ১৫৩ জন। মৃত্যু হৈছে তিনিজনৰ।
এই প্রসঙ্গত গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলৰ বায়োকেমিস্ট্রিৰ বিভাগীয় প্রধান অধ্যাপক ডাঃ কৈলাস ভট্টাচার্যই কয়, “দীর্ঘ সময় ধৰি উত্তৰ-পূর্বাঞ্চলৰ আদিবাসী ও তথা জনজাতিসকলৰ মাজত পুথিমাছ মাটিৰ তলত ৰাখি শুকাই পিছত ৰান্ধি খোৱা অভ্যাস। তেওঁলোকৰ বিশ্বাস, এই খাদ্য বীজাণুনাশক। চুপাৰিও এই পদ্ধতিতে খোৱা হয়।” তেওঁ লগতে কয়, “শুকাই মাটিৰ তলত ৰখাৰ ফলত ৰাসায়নিক বিক্রিয়া হয়। অৱশ্যে সেয়া কিমান পৰিমাণে বিজ্ঞানসম্মত তাক এতিয়াও পৰীক্ষা কৰা হোৱা নাই”। লগতে তেওঁৰ বক্তব্য, জনবিশ্বাসক বাস্তৱৰ সৈতে ৰজিতা খুৱাবলৈ গ’লে পৰীক্ষাৰ প্ৰয়োজন। কিন্তু সেই কাম হোৱা নাই।
এইটো যেনেকৈ এটা দিশ তেনেদৰে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰদূষণ দেশৰ অন্য অংশৰ তুলনাত বহুখিনি কম। আন্তর্জাতিক উড়ানো কম হয়। এই সকলো বিষয় কাৰণ হিচাপে অনুমান কৰে স্থানীয় চিকিৎসকসকলে। আৰু এটি বিষয় গুৰুত্বপূর্ণ বুলি অনুমান কৰা হৈছে। পাহাৰ অধ্যুষিত হোৱাত উত্তৰ-পূর্বাঞ্চলৰ মানুহৰ ‘লাং কেপাচিটি’ বা হাওঁফাওঁৰ কর্মক্ষমতা বেছি। কোভিড-মৃত্যু হাৰ কম হোৱাৰ পিছত এইটোও এটি অন্যতম কাৰণ বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে