
দুৰ্গা পূজালৈ ১০০ দিনো নাই৷ ক’ৰোনাৰ বাবে এইবাৰ দুৰ্গা পূজা ৰং বিৰঙৰ হোৱা সম্ভাৱনা নাই৷ তথাপি দেশৰ আন ঠাইত নহ’লেও কলকাতাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ ক’ৰোনাক লৈ যিবোৰ নিয়ম বান্ধি দিছে তাৰ ভিতৰতে আবদ্ধ থাকি কলকাতাত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে৷ উদ্যোক্তাসকলে সকলো নীতি নিয়মৰ মাজত দুৰ্গা পূজা আয়োজন কৰিব৷ লগতে সকলো বাধানিষেধ মানি শিল্পীসকলো সাজু হৈছে বুলি জানিব পৰা গৈছে ৷
ক’ৰোনাৰ বাবে জাকজমকতাপূৰ্ণ পূজা আয়োজন নকৰে উদ্যোক্তাসকলে৷ কলকাতাত এইবাৰ প্ৰতিমাৰ উচ্চতা কম হ’ব৷ পূজাৰ দিনকেইটাত পৌৰ সভাৰ সহযোগিতাত এবাৰ প্ৰতিমাৰ গাত আৰু মণ্ডপত জীৱাণুনাশক স্প্ৰে কৰা হ’ব৷ এই কথা উদ্যোক্তাসকলে জনাইছে৷ কলকাতাৰ দুৰ্গা পূজাৰ যৌথ মঞ্চ ফ’ৰাম ফৰ দুৰ্গোৎসৱৰ সদস্যই জনোৱা মতে পূজা আয়োজনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক জনাইছে ৷ পূজালৈ যাওতে মাস্ক পৰিধান কৰিব লাগিব ৷ ক্লাব আৰু পূজা উদ্যোক্তাই এই কথাত নজৰ দিব ৷ উল্লেখ্য যে মণ্ডপৰ ভিতৰত এবাৰত ২৫ জনৰ বেছি দৰ্শক সোমাবলৈ নিদিয়ে উদ্যোক্তাসকলে৷













