
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে যুঁজত নামি আদালত পৰ্যন্ত পালেগৈ শচীন পাইলট৷ তাৰ পাছতো তেওঁক দললৈ ঘুৰি আহিবলৈ কৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই৷ ৰাজস্থান কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা গেহলট চৰকাৰৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটক দললৈ ঘুৰি আহিবলৈ বাৰ্তা দিছে প্ৰৱীণ কংগ্ৰেছ নেতা পি চিদাম্বৰমে৷ শচীন পাইলটক তেওঁ কয়, এতিয়াও সময় আছে ৷
দললৈ ঘুৰি আহক৷ পুৰণা কথা মনত ৰখা নহ’ব৷ বৃহস্পতিবাৰে ৰাতি চিদাম্বৰমৰ সৈতে শচীন পাইলটে কথা পাতিছিল৷ তেতিয়াই মনোমালিন্য পাহৰি শচীন পাইলটক দললৈ ঘুৰি আহিবলৈ চিদাম্বৰমে আহ্বান জনায়৷ দলৰ শীৰ্ষ নেতৃত্বই তেওঁক আলোচনাৰ বাবে আমন্ত্ৰণ কৰিছে৷ আলোচনাত সকলো সমস্যা সমাধান সম্ভৱ বুলি কয় চিদাম্বৰমে৷













